পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

 ইন্দ্র—বিয়া কৰাবলৈ মই ৰাজি আছোঁ; তােমালােকৰ আপত্তি নাথাকিলে মােৰ কোনাে আপত্তি নাই।

 লক্ষ্মী—ভাল কথা সেয়ে হওক। লুকঢুক কৰি চলাতকৈ দেখাকৈ লগ লােৱাই ভাল।

 ইন্দ্রই ইমানতাে লক্ষ্মীকান্তৰ কথাখিনি প্রকৃত নে ব্যঙ্গসূচক ভালকৈ বুজিব নােৱাৰিলে। তথাপি বুজা নুবুজাৰ মাজতে ক'লে,-“সেই বিষয়ে মােৰ কবলৈ একো নাই, সকলো তােমালােকৰ ওপৰতে নিৰ্ভৰ কৰে।”

 লক্ষ্মী—কিন্তু এটা কথা। বিয়া হ'লেওতো থাকিবলৈ ঘৰ, আৰু খাবলৈ ভাত লাগিব। তুমি দৰমহা পােৱা ডেৰকুৰি, তাৰে দুটা মানুহ কেৰেয়া ঘৰত থাকি কেতিয়াও চলিব নােৱাৰা ; সেই দেখি অলপ চিন্তা কৰাৰ প্রয়ােজন। ৰম্ভা শিক্ষিতা ছােৱালী, এঠাইত এখন স্কুলত শিক্ষয়িত্রী হ’ব পাৰিলেই নিজৰ খৰচ নিজে উলিয়াব পাৰিব। মই এটা কথা ভাবিছো,যদি কিবা উপায় কৰি প্ৰভাৱতীক খেদাব পৰা যায়, তেনেহলে সেইটো কামকে ৰম্ভাক দিয়াব পৰা যাব আৰু থাকিবলৈকো এটা ভাল ঘৰ পােৱা যাব।

 ইন্দ্র—কিন্তু তাকে কৰা যায় কেনেকৈ? মইতাে একো কৰিব নােৱাৰোঁ। হওঁতে এটা উপায় আছে। আমাৰ ঘৰৰ চাকৰটোৱে স্কুলত চকিদাৰৰ কামাে কৰিছিল। আমি মাথােন তাক খাবলৈ দিছিলোঁ, দৰমহা স্কুলৰ পৰা পাইছিল। পিচে কেতিয়াবা ঘৰৰ কামত লাগি থাকোঁতে স্কুললৈ যােৱাত পলম হয়। এই অপৰাধতে তাক সিদিনা কামৰ পৰা বৰ্খাস্ত কৰিলে। তাক হাতত ল’ব পাৰিলে মােৰ মনেৰে বহুতাে কাম হ'ব।

 লক্ষ্মী—মােৰ বিশ্বাস তুমি তাক যিহকে কৰিবলৈ কোৱা তাকে কৰিব।

-১৩০-