পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৭০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা নেকি ? কিন্তু বিয়া হলেও জানাে তেওঁ সুখী হব পাৰিব ! সঁচাকৈয়ে দীনবন্ধুৱে তেওঁৰ অহিত চিন্তিছেনে-তেওঁক ঘিণ কৰেনে? কোনে কব। | তেওঁ একেৰাহে এইবােৰ কথাকে ভাবি আছে, এনেতে পিয়নে আহি কিছুমান চিঠি-পত্ৰ দি গ'ল। প্ৰভাৱতী ঘৰলৈ যােৱাৰ পৰা তেওঁৰ সকলাে চিঠি পত্র ডাক-ঘৰতে জমা আছিল। চিষ্ঠিবােৰ এখন এখন কৈ পঢ়ি যাওঁতে এখন চিঠি তেওঁৰ হাতত পৰিল ; দেখিলে চিঠিখন কলিকতাৰ পৰা আহিছে। মেলি লৈ লিখকৰ নাম ভয়ে ভয়ে পঢ়িলে, ৰমণীমােহন দত্ত। এইখন প্রভাৰ বিবাহ-সম্পর্কে লিখা চিঠি! এই চিঠিত মণীমােহনে লিখিছে যে তেওঁ প্রভাক চাবলৈ, আৰু মন মিলিলে বিয়াৰ বন্দৱস্ত কৰিবলৈ কাতিৰ প্রথম সপ্তাহতে আহিব। চিঠিখন পঢ়ি তেওঁ বৰ অস্থিৰ হ’ল, তেওঁ কি কৰা উচিত ঠিক কৰিব নােৱাৰিলে। কাৰ উপদেশ লব! কাক সুধিব ? কোন তেওঁৰ হিতাকাঙ্ক্ষা আছে যি তেওঁক এই সমস্যাত বন্ধু হৈ সাহায্য কৰিব ? তেওঁৰ গােটই দিনটো এই চিন্তাতেই গ’ল। নানা প্রকাৰ কাৰ্য্যৰ মাজতে এই চিন্তা তেওঁ এখন্তেকলৈকো পাহৰিব নােৱাৰিলে। সন্ধ্যা সময়ত চেক্রেটাৰী আহিল; আজি কেইদিনমান তেওঁ গদাধৰৰ দোকানলৈ যােৱা নাই। আহিয়েই ক’লে,-“কিহে, তােমাৰ দীনবন্ধুৰ কথা আৰু শুনিবা নে।” | প্রভা—মােৰ দীনবন্ধু ! বাৰু, মােৰেই দীনবন্ধু ; পিচে কি শুনিব লাগে ? চেক্রেটাৰী—দীনবন্ধুৱেই যে এই সকলাে কৰিছে সেই কথা। প্রভা—যেতিয়ালৈকে ভাল প্রমাণ নাপাওঁ, তেতিয়ালৈকে মই তাক সম্পূর্ণ বিশ্বাস কৰিব নােৱাৰে। - ১৬৪ -