ৱিকিউৎস:সাধাৰণ দায়লুপ্তি

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ৱিকিউৎস সাধাৰণ দায়লুপ্তি
এই পৃষ্ঠাই পঢ়ুৱৈ আৰু সম্পাদকসকলক ৱিকিউৎসৰ ব্যৱহাৰত সাৱধান হ'বলৈ আহ্বান জনায়। থোৰতে ৱিকিউৎসক নিজৰ গা বচাই ব্যৱহাৰ কৰিব আৰু আইনী বা চিকিৎসাজনিত উপদেশৰ বাবে ব্যৱহাৰ নকৰিব।

অনুগ্ৰহ কৰি এই সাধাৰণ দায়লুপ্তি মন দি পঢ়ক। সাধাৰণভাৱে ক'বলৈ গ'লে ৱিকিউৎস (বা এই প্ৰকল্প, আমি, আদিয়ে) লেখক, অৱদানকাৰী, স্পন'ছৰ, বা ৱিকিউৎস ৱেবছাইটৰ লগত সম্পৰ্ক থকা যিকোনো ব্যক্তি বা সংস্থাক বুজায় (ৱিকিমিডিয়া ফাউণ্ডেচনকে ধৰি)।

দায়লুপ্তি[সম্পাদনা কৰক]

সঠিকতা[সম্পাদনা কৰক]

ৱিকিউৎসই শুদ্ধতাৰ কোনো নিশ্চয়তা নিদিয়ে। এই প্ৰকল্পটো মুক্ত সমল উৎস পাঠ্যৰ এক অনলাইন সংগ্ৰহ, আৰু প্ৰাথমিক সমলৰ এক সাধাৰণ ভঁৰাল তৈয়াৰ কৰিব খোজা ব্যক্তিসকলৰ স্বেচ্ছাই সহযোগিতামূলক কাৰ্য। গতিকে ইয়াত পোৱা সমল শুদ্ধতাৰ বাবে কোনো ক্ষেত্ৰৰ গভীৰ জ্ঞান থকা পেছাদাৰী ব্যক্তিয়ে হয়তো পৰীক্ষা কৰা নাই। ইয়াৰ উপৰি পাঠ্যবোৰ পোৱা ধৰণেৰেই থৈ দিয়া হয়; মূল লেখকে কৰা ভুলবোৰ শুধৰণি কৰা নহয়।

তাৰ অৰ্থ এইটো নহয় যে আপুনি ৱিকিউৎসত মূল্যবান আৰু শুদ্ধ পাঠ্য নাপাবই, তথাপি ৱিকিপিডিয়াই ইয়াত উপলব্ধ তথ্যৰ শুদ্ধতা দাবী কৰিব নোৱাৰে। বিশেষকৈ চিকিৎসা সংক্ৰান্তীয় বা আইনী পাঠ্যবোৰত ভুল থাকিব পাৰে বা সেয়া সলনি হ'ব পাৰে। এনে তথ্যৰ বাবে অনুগ্ৰহ কৰি সেই বিষয়ৰ বিজ্ঞ ব্যক্তিৰ সৈতে যোগাযোগ কৰিব।

দায়িত্ব[সম্পাদনা কৰক]

ৱিকিউৎসৰ লগত যিকোনো প্ৰকাৰে জড়িত কোনো লেখক, অৱদানকাৰী, স্প'নছৰ বা আন লোক ইয়াত থকা ভুল বা মানহানীজনক তথ্যৰ বাবে দায়ী নহয় বা আপোনাৰ এনে তথ্যৰ ব্যৱহাৰৰ বাবেও দায়ী নহয়।

আগতে কৈ অহা ধৰণৰ অশুদ্ধতাৰ বাবে ৱিকিউৎসৰ পৰা কোনো ক্ষতিপূৰণ দাবী কৰিব নোৱাৰি কাৰণ এয়া বিভিন্ন স্বেচ্ছাসেৱক গোট খাই কৰা মুক্ত উৎসৰ অনলাইন শৈক্ষিক, সাংস্কৃতিক আৰু তথ্যগত সমলৰ সংগ্ৰহহে। আপুনি ৱিকিউৎস বা আনুসংগিক প্ৰকল্পত লিখা কিবা তথ্য অন্য লোক আহি সলালে, সম্পাদনা কৰিলে, সংবৰ্ধন কৰিলে বা আঁতৰাই দিলেও ৱিকিউৎস ইয়াৰ বাবে দায়ী নহ'ব।

অনুজ্ঞাপত্ৰ[সম্পাদনা কৰক]

আপুনি এই ৱেবছাইটৰ সমল অনুজ্ঞাপত্ৰ সাঁচত বিৱৰিত চৰ্ত আৰু ৱিকিউৎস:কপিৰাইট নীতিৰ আধাৰত ব্যৱহাৰ কৰিব পাৰে। সৰহ ক্ষেত্ৰতে সমলসমূহ ৰাজহুৱা ড'মেইন বা GNU ফ্ৰী ড'কুমেণ্টেচন লাইচেন্সৰ আওতাত পৰে।

আমি কৰাৰ দৰে আপুনিও ৱিকিউৎসৰ সমল মুকলিলৈ আৰু বিনামূল্যৰে বিতৰণ কৰিব পাৰে। আপোনাৰ আৰু ছাইটৰ (বা ছাইটৰ লগত জড়িত কোনো ব্যক্তিৰ) মাজত কোনো চুক্তি আৰু দায়িত্ব সৃষ্টি নহয়। যদিও আমি শুদ্ধ কপিৰাইট তথ্য দিবলৈ চেষ্টা কৰোঁ, ব্যৱহাৰ বা প্ৰতিলিপি কৰাৰ আগতে অনুগ্ৰহ কৰি আপুনি কপিৰাইট স্থিতি পৰীক্ষা কৰি লয় যেন।

স্থানীয় আইন ভংগ[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি মন কৰিব যে ইয়াত পোৱা সমলে আপুনি য'ৰ পৰা এই তথ্য পঢ়ি আছে সেই দেশ বা স্থানৰ আইন ভংগ কৰিব পাৰে। ৱিকিউৎসই আইন ভংগক উৎসাহ নোযোগায়। কিন্তু এই তথ্যবোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰ্ভাৰত সংৰক্ষিত হোৱা বাবে এয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ প্ৰথম সংশোধনী আৰু ৰাষ্ট্ৰসংঘৰ "বিশ্ব মানৱ অধিকাৰ ঘোষণা"ৰ আধাৰত উপলব্ধ।

আপোনাৰ দেশৰ আইনে আমেৰিকা যুক্তৰাষ্ট্ৰ বা ৰাষ্ট্ৰসংঘৰ চনদৰ দৰে মুক্ত বক্তব্যক প্ৰশ্ৰয় নিদিব পাৰে, বা এইবোৰত মানি নচলা নিষেধাজ্ঞা পালন কৰিব পাৰে। গতিকে আপুনি এই ড'মেইনৰ লগত যুক্ত হোৱা বুলি বা ইয়াত থকা তথ্য যিকোনো প্ৰকাৰে ব্যৱহাৰ কৰা বুলি ৱিকিউৎসক দায়ী কৰিব নোৱাৰি।