পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

মানিলে। তেওঁলোকে বুজিলে ইয়াৰ ভিতৰত কমলচন্দ্ৰ, কৃষ্ণকুমাৰ আৰু সৰ্ব্বানন্দৰ কিবা এটা কুৎসিৎ স্বাৰ্থ আছে।

 এইদৰে আলাপ হোৱাৰ পিচত সকলোটি সৰ্ব্বানন্দৰ ঘৰলৈ গ’ল। কমলচন্দ্ৰ প্ৰভৃতি দহজনমান আগৰে পৰা তাতে বহি কিবা-কিবি আলোচনা কৰি আছিল। এতিয়া দীনবন্ধু আৰু তেওঁৰ লগৰীয়া কেইজন গ’লত নিয়ম মতে আলোচনাত বহিল।

 কমলচন্দ্ৰই ক’লে,– “আজি আপোনালোক কিয় গোট খাইছে, সেইটো জানে। এতিয়া প্ৰশ্ন হৈছে কি উত্তৰ দিয়া যায়? আমি ঠিক কৰিছোঁ গাইপতি কোনো উত্তৰ নিদিওঁ; সেই কাৰণে সকলোৰে হৈ এইখন উত্তৰকে দিম বুলি স্থিৰ কৰিছোঁ।”

 এই বুলি কৈ এখন ‘টাইপ্’ কৰা কাকত হাতত লৈ কমলচন্দ্ৰই পঢ়িবলৈ ধৰিলে। তাৰ মানে এইঃ—


 শ্ৰীযুক্ত বালিকা-স্কুল কমিটিৰ সভাপতি মহাশয় সমীপেষু।

  চন ১৯১০, তাং পহিলা নবেম্বৰ।

মহাশয়,

 আপোনাৰ ১৫৷১০৷১০ তাৰিখৰ চিঠিৰ উত্তৰত জনাওঁ যে আমি গাইপতি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আৱশ্যকতা বোধ নকৰোঁ। তাৰ আৱশ্যকীয় উত্তৰ দিবলৈ শ্ৰীযুক্ত সৰ্ব্বানন্দ দত্ত আৰু শ্ৰীযুক্ত কৃষ্ণকুমাৰ কাকতীক আমাৰ প্ৰতিনিধি নিযুক্ত কৰিলোঁ। তেওঁলোকে ১৫ নবেম্বৰৰ দিনা আপোনাৰ বঙলালৈ গৈ আৱশ্যকীয়া সকলো কথা জনাব। তেওঁলোকে যি কয় সেয়ে আমাৰ সকলোৰে মত বুলি জানিব। ইতি৷

 কমলচন্দ্ৰ বৰ-চাহাবৰ ওচৰলৈ যাবলৈ নোপোৱা দেখি বহুতে

– ১৯৬ –