অৱস্থাৰ পৰা চহকীৰ লেখত উঠিব পাৰিছিল। তেওঁ যদিও নিজে লিখা-পঢ়া নাজানিছিল, তথাপি পুতেকক কিছু শিক্ষা দিবলৈ তেওঁৰ ইচ্ছা আছিল; সেই দেখিয়েই কাতিৰামক আঠ বছৰমান বয়সত স্কুললৈ পঠাইছিল। কিন্তু কাতিৰামৰ ভাগ্যত কি আছিল ক’ব নোৱাৰো, বিদ্যাদেৱীয়ে তেওঁক মোৰ নুবুলিলে। স্কুলত সাত বছৰ পঢ়ি তেওঁ কোনোমতে ছপা কিতাপ পঢ়িব পৰা হ’ল মাথোন। এনেতে এটা ডেৰগঞা নাচৰ দল ইয়ালৈ আহে। এই দলটোৱে আজি ইয়াত, কালিলৈ তাত, — এইদৰে নাচ-গান পাতি ধন ঘটি ফুৰিছিল। এই দলৰ পাচ লৈ বহুতো স্কুলীয়া লৰাই স্কুল আৰু ঘৰ দুয়োকে এৰিছিল। বাপেকহঁতৰ পোতৰ টকা কিমান চুৰ কৰিলে তাৰো লেখ-জোখ নাই। কাতিৰামো এই দলৰ ভিতৰতে পৰিছিল। ফেকেন্দাইয়ে ছয় কি সাত দিনৰ মূৰত পুতেকক বিচাৰি পাই ধৰি আনিলে আৰু ভালকৈ এজাউৰি দি হাল বাবলৈ লগাই দিলে। সেইদিনাৰ পৰাই তেওঁৰ স্কুলৰ লগত সম্বন্ধ ছিগিল। খেতি-বাতিৰ কামতো কাতিৰাম বৰ পাকৈত নাছিল; মাজে মাজে সমনীয়াৰ লগ পালে দুটুপি-এটুপি ফটিকাতো ধৰিছিল; এইবোৰ দেখি-শুনি বাপেকে সোতৰ বছৰ বয়সতে কাতিৰামক বিয়া কৰাই দিয়ে। এতিয়া তেওঁৰ দুবছৰীয়া লৰা এটিও আছে। বিয়া কৰোৱাৰ পৰা কাতিৰামৰ পুৰণি স্বভাৱৰ ৰাগী কমি গৈছিল।
ফেকেন্দাই মৰা মুঠেই দুমাহ হৈছে। তেওঁৰ পৰিবাৰত মানুহ এতিয়া তেওঁৰ বিধবা, কাতিৰাম, কাতিৰামৰ ঘৈণীয়েক ললিতা আৰু তেওঁলোকৰ এটি শিশু সন্তান। কাতিৰাম মাৰল ঘৰত আৰু মাক বৰ ঘৰত থাকে। পামলৈ অহা-যোৱা কৰাটোত কাতিৰামে বৰ টান পায়; মাকৰ কেটকেটনিত তত নাপালেহে কেতিয়াবা কেতিয়াবা এদিন দুদিনলৈ যায়।