সাধনা
কৃষ্ণ—মই ভাবিছোঁ, তুমি কথাটো গম পাইছা। শহনি বন
গজিলে তুলি পেলাব লাগে। স্কুলখন ভাল কৰিব খুজিলেও কাৰ্য্য-
কাৰক সলাব লাগিব।
ৰাজখােৱা—তােমাক বােধকৰোঁ নকলেও হ’ব বর্তমান স্কুলখন কেনে কেলেঙ্কাৰীৰ বাহ হৈছে ; চাৰিওফালে ইয়াৰেই হে আলােচনা।
দীন—সেইবােৰ ময়াে শুনিছোঁ; কিন্তু প্রকাশ্যে আলােচনা কৰিবৰ জোখাৰে প্রমাণ নাই।
ৰাজখােৱা—প্রমাণ যথেষ্ট আছে। ভূতনাথৰ লগুৱাটোৱে বহুত দিন চেক্ৰেটাৰী আৰু মহেশক ধৰা পেলাইছে। সিহঁতে তাক কাবৌ- কোকালি কৰি ধৰাত সি বৰকৈ বাহিৰত উলিওৱা নাছিল। তাৰ উপৰি তাৰ হতুৱাই প্ৰভাৱতীয়ে বহুত দিন মদ অনাইছে ; গদাধৰ তাৰ সাক্ষী। লক্ষ্মীকান্তয়াে সিহঁতক ধৰা পেলাইছে ; আন কি, প্ৰভাৱতীক ভাল বাটলৈ আনিব নােৱাৰি আজি কালি তেওঁ প্ৰভাৰ ঘৰত ভৰিকে নিদিয়া হৈছে। তুমিও বােধকৰে৷ এইবােৰ কথা জানা।
দীন—মাফ কৰিব, মই সেইবােৰ একো নাজানাে। জনাৰ ভিতৰত ইমানেই হে যে মতা-তিৰুতা বহুতে প্রভাৰ ঘৰলৈ আহে। তাৰ ভিতৰত চেক্রেটাৰী, মহেশ আৰু লক্ষ্মীকান্তৰ সমাগম বেচি। তাৰ পিচত এতিয়া আপুনি কোৱা কথাখিনি ভূতনাথৰ লগুৱাটো আৰু লক্ষ্মীকান্তই সিদিনা মােৰ আগত কৈছিল। ইয়াৰ বাহিৰেও মােৰ ঘৰলৈ অহা ডেকাদলে সেই একে বিষয়কে সদায় আলােচনা কৰা শুনিছিলোঁ; সেই আলােচনাত লক্ষ্মীকান্তও বাদ পৰা নাছিল। সিদিনা নিতান্ত বিৰক্ত হৈ সিহঁতক যেতিয়াই তেতিয়াই আহিবলৈ মানা কৰি দিছোঁ। লগতে পুৱা আঠ বজাৰ পৰা ন বজালৈ আৰু আবেলি পাঁচ বজাৰ পৰা ছয় বজালৈ মাথােন অভ্যাগতক অভ্যর্থনা
কৰা যাব বুলি নিয়ম কৰিবলৈ বাধ্য হৈছোঁ।
-১৪২-