সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দোষ কাৰ?

 ইন্দ্ৰ—মই জানো মোক সাধু বুলি কৈছো? তথাপি তোমালোকতকৈ ভাল বুলি ক'লে যে নৰজিব এনে নহয়। মই যদিও এক প্ৰকাৰে তোমালোকৰ দৰেই, তথাপি এক প্ৰকাৰে নহয়। মোৰ ঘৰত বিয়া কৰোৱা তিৰুতা নাই, আৰু থকা হলেও নিজে যেতিয়া দোষী, আনৰ দোষ নধৰিলোঁহেতেন।

 মহেশ—তুমি ইমানতে আঁতৰ হোৱা; মই তোমাৰ লগত তৰ্ক কৰিব নোখোজোঁ।

 “বাৰু, আহিলোঁ তেন্তে”—এই বুলি ইন্দ্ৰনাথ ওলাই আহিল।

 মহেশে কিছু পৰ খোটালিটোৰ ভিতৰতে ভীষণভাবে খোজ কাঢ়ি ফুৰি শেহত গৈ পাটীত পৰিল। ঘৈণীয়েক মূৰ্চ্ছা যোৱাৰ ভাও ধৰি বহুত বেলিলৈকে একে ঠাইতে পৰি থাকিল।

-২৪৩-