গদা — ক’ত আছে?
গকুল — পানীৰামৰ ঘৰত।
সৰ্ব্বা — ছাত্ৰ কোন?
কৃষ্ণ — মই ভাবিছোঁ ছাত্ৰ নহৈ ছাত্ৰী হে হ’ব লাগে।
গকুল — হয় ছাত্ৰীয়েই। মই যে ৰম্ভাৰ ‘প্ৰাইভেট্ টিউটৰ’
গদা — এতিয়া চাওক, তেওঁ ইচ্ছা কৰা হলে আমাৰ আড্ডাকে তালৈ তুলি নিব নোৱাৰিলেহেঁতেন জানো? তেনেস্থলত তেওঁ অকলৈ সেই সুবিধা ভোগ কৰাটো জানো অন্যায় হোৱা নাই।
ৰাজখোৱা — নিশ্চয় হৈছে। দেখিছা মিষ্টাৰ দাস, তুমি আপোনপেটীয়া বুলি প্ৰমাণ হ’ল। কি কোৱা দত্ত?
সৰ্ব্বানন্দ — মই হেজাৰ-বাৰ কওঁ, উকীল আপোনপেটীয়া।
তপেশ্বৰ — ময়ো তাকে কওঁ। আমি সকলো এক যেতিয়া, সকলোৱে ভাগ পাব লাগে।
গকুল — মোৰ গাত দোষ কি? মই চপাই দিছিলোঁ নহয় তোমালোকে স্কুলখন পাতি দিব নোৱাৰিলা কিয়?
সৰ্ব্বা — অ’ ঠিক কথা মনত পৰিছে, পৰহিলৈ দীনবন্ধুৱে সভালৈ মাতিছে নহয়। সেই প্ৰভা নে কি সেইজনীক স্কুল পাতি দিয়ে হেনো।
গকুল — Damned দীনবন্ধু। আমি সভালৈ নাযাওঁ। “If I can catch him once upon the hip I will feed fat the ancient grudge I bear him.”
তপেশ্বৰ — তাক এটা শিকনি নিদিলে নহয়; সি সদায় আমাৰ কামত বিঘিনি জন্মায়। তাক গুলিয়াই মৰা উচিত।
গদা — প্ৰভাৱতী ছোৱালীজনীও বেচ্ সুন্দৰী; তাইকে হাত কৰিব পৰা হলেও উপায় আছিল। কিন্তু সেই অসভ্যটোৰ হাতত পৰিছে যেতিয়া কেনেকৈ কি কৰিবা!