পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিৱৰাম শৰ্ম্মা

ওভোতই মোক বিপদত পেলাবৰ চেষ্টা কৰে, তেন্তে আপুনি সাক্ষী হ’ব লাগিব৷

 দীন—মাফ কৰিবা, মই তেনে ডিটেক্‌টিভৰ কামত ফুৰিবলৈ গাত ল’ব নোৱাৰোঁ।

 শিৱ—আপোনাক ফুৰিবলৈ কোৱা নাই, আজি যি কথা ক’লোঁ, তাক মনত ৰাখিলেই হ’ব।

 দীনবন্ধুৱে একো নামাতিলে। তেওঁ মনে মনে কিবা ভাবিছিল। দীনবন্ধুক নীৰৱ দেখি শিৱৰাম উঠি গ’ল।

 সেই দিনা আবেলি ফুৰিবলৈ যাওঁতে দীনবন্ধুৱে তেওঁৰ আৰু প্ৰভাৰ নামে শিৱৰামে কোৱা আটাইকেইটা কথাৰ আলোচনা হোৱা শুনিলে। তেওঁ নিজৰ বিষয়ে ওলোৱা কথা লৈ বিশেষ ভবা নাছিল, কিন্তু শিৱৰামে দেখা মানুহটো যদি সঁচাকৈয়ে প্ৰভাৰ ঘৰৰ পৰা ওলাইছিল, তেনেহলে তাৰ উদ্দেশ্য কি হ’ব পাৰে, সেই কথাই তেওঁৰ মনত তোলপাৰ লগাইছিল। তেওঁ ভাবিলে সি কোনোবা দুৰ্দ্দান্ত মানুহ, কু-অভিপ্ৰায় লৈ আহিছিল, কিন্তু তাত প্ৰভাৱতীৰ কিবা হাত আছিল নে নাই, তাক জনা যায় কেনেকৈ? হয়তো প্ৰভাই গম নোপোৱাকৈ সি আহিব পাৰে আৰু বিফল-মনোৰথ হৈ উলটি যাব পাৰে। যদি সেয়ে নহয়, প্ৰভাৰ ইচ্ছামতেহে সি আহিছিল, তেন্তে প্ৰভা নিশ্চয় ভ্ৰষ্টা। ইমান গোলমালৰ পিচতো যদি প্ৰভাৰ ইচ্ছামতে তেওঁৰ ঘৰলৈ এনেকৈ মানুহ আহিব পাৰে, তেনেহলে তেওঁ প্ৰভাৰ লগত কোনো প্ৰকাৰৰ সম্পৰ্ক নৰখাই ভাল। কিন্তু প্ৰকৃত ঘটনাটো কি তাৰ তত্ত্ব নোলোৱাকৈ তেনে কৰিলে, হয়তো প্ৰভাৰ প্ৰতি অবিচাৰ কৰা হ’ব পাৰে। শেহত প্ৰকৃত ৰহস্য উদ্ধাৰ কৰিবলৈ তেওঁ কৃতসঙ্কল্প হ’ল।

————

-২৬৫-