দ্বাদশ অধ্যায়
দুৰ্ভগীয়া
এইবাৰ কাতিৰামৰ খেতিৰ অৱস্থা নিতান্ত শোচনীয় হ’ল; তত্ত্বাৱধানৰ অভাৱত হালোৱাই নিজ ইচ্ছামতে যি কৰিলে সেয়ে। মুঠতে হালোৱা ৰোৱণী আদিৰ খৰচ-পাতি দি যি লাভ ৰ’ল, সি অতি সামান্য। খুটিৰ অৱস্থাও তথৈৱচ। গুৱালে মনে মনে কিমান গৰু ম’হ বেচি ঘৰলৈ টকা পঠিয়ালে, তাৰ একো ঠিক নাই। ক’ত কিমান গৰু-ম’হ আছে, তাৰ সংখ্যাও কাৰ্ত্তিকচন্দ্ৰই নাজানে।
বাৰীখনত মূৰৰ সমানে হাবি; ভেটা-জেওৰা কেনিও এডোখৰো নাই। ঘৰৰ পিৰালিত আঠুমনীয়া হাবি হৈছে, খেৰী ঘৰকেইটাৰ বেৰৰ অৱস্থাও শোচনীয়। কাৰ্ত্তিকচন্দ্ৰই নতুন চ’ৰা ঘৰটোৰ বাহিৰে আনকেইটা ঘৰৰ ভূ লবলৈকো এৰিলে।
দুৰ্গা-পূজা পাতিবৰ সময়ত মাক আৰু ঘৈণীয়েকে পুনঃ পুনঃ নিষেধ কৰিছিল, কিন্তু কাৰ্ত্তিকচন্দ্ৰই কাৰো কথাত কাণ নিদিলে।
পূজাৰ পিচত মাকে কাৰ্ত্তিকক বহুতো বুজালে, কিন্তু ফল একো নহ’ল। মাকে ক’লে,-“বোপাই, তইনো কি হলি? বাপেৰে ইমান দুখেৰে সৈতে দুপইচা গোটাই দি গৈছে, দুভৰা মাটি, চাইটা, ম’হ-গৰু থৈ গৈছে, এই বোৰকে যদি পালি-পাচি খালিহেঁতেন তেনেহলে চিন্তা কিহৰ? পিচে তই দেখোন সেইবোৰৰ ভুকে লবলৈ এৰিলি, মুঠেই আগৰ যি আছিল তাকে দুই হাতে পানী সিঁচা দি সিঁচিছ। আৰ্জ্জন
নকৰাকৈ ভগন কৰিলে লাখপতিও ভিকহু হয়। এই পূজাতে মই
-২৮৫-