মহেশ — ছিঃ! ছিঃ! আৰু তেনে কথা মুখলৈ নানিবা। তোমাৰ বন্ধুতাৰ ওচৰত টকা! তুমি জানা নে তোমাৰ বন্ধুতাৰ সলনি আৱশ্যক হলে প্ৰাণ পৰ্য্যন্ত দিব পাৰোঁ।
ৰম্ভা — আপুনি সময়মতে এবাৰ দেখা দিবলৈকে টান পায়, আকৌ প্ৰাণ দিয়ে!
মহেশ — আজিৰ পৰা আৰু পলম নহয়, হাজাৰ কাম থাকিলেও নহয়।
ৰম্ভা — মোৰে শপত?
মহেশ — তোমাৰ শপত মই আজিৰ পৰা কেতিয়াও পলম নকৰোঁ। আহাঁ, এতিয়াও আধা ঘণ্টামান সময় আছে, এটা গত শিকিব পাৰিবা।
তেতিয়া ৰম্ভাই আৰু আপত্তি নকৰিলে, হাৰ্ম্মোনিয়মটো মাজত লৈ দুয়ো দলিচাৰ ওপৰতে বহিল। মহেশে গত এটা বজালে, ৰম্ভাই চাই থাকিল। তাৰ পিচত ৰম্ভাই বজাবলৈ ধৰিলে, মহেশে চাই থাকি ভুল লাগিলে আঙুলীত ধৰি ধৰি শিকাবলৈ লাগিল।
মহেশ গ’ল; লগে লগে গকুলচন্দ্ৰ দাস উকীল আহি সোমাল। এওঁ এই জিলাৰ প্ৰবীণ উকীল, গুচৰীয়া পদকীয়া দুয়ো পক্ষৰ ধন খাই ওকালতি কৰাত এওঁৰ প্ৰতিপত্তি আছে। তাৰ উপৰিও এওঁ লোকেল-বোৰ্ড আৰু মিউনিচিপেলিটিৰ কমিশ্যনাৰ। ইয়াৰ বাহিৰেও সন্ধ্যাবেলিক আলি-খাৱৈত এখাৱৈ হৈ থকা বিদ্যাটিৰ বাবে এওঁৰ বিশেষ খ্যাতি আছে। এৱেঁই হৈছে ৰম্ভাৰ ইংৰাজী শিক্ষক।
মুখৰ পৰা ভেলেকা-ভেলেক গোন্ধ উলিয়াই গকুলচন্দ্ৰ ভিতৰ সোমাল আৰু চকি এখনত বহি উম্মাদ দৃষ্টিৰে ৰম্ভালৈ চাবলৈ ধৰিলে। অলপমান সময় এনেকৈ থকাৰ পিচত ৰম্ভাক কলে, :— “চাওঁ, তুমি কি লিখিছা আনাচোন।”