পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৯৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা ধৰিলে। ৰমণীয়ে ক'লে,-“পিচে তােমাৰ বিদ্যাৰ পৰিচয় আমাকে। দিবা জানাে ?” | ৰম্ভা—মইননা কি জাননা যে আপােনালােকৰ ওচৰত পৰিচয় দিম? | ৰমণী—এই বিনয়ে তােমাৰ সৌন্দৰ্য দুগুণে বঢ়াইছে। সঁচাকৈয়ে মই তােমাৰ কথাত মুগ্ধ হৈছে। তােমাৰ গীত চাগৈ কেনে মৌবৰষা হব। এটা শুনাবা জানাে? ইয়াতত কোনাে আপত্তিৰ কাৰণ থাকিব নােৱাৰে। গানৰ দৰে পবিত্র বিষয়ৰ চৰ্চাত সঙ্কুচিত হােৱা ভুল। লক্ষ্মী-শুনিব খুজিছে নাগাৱনাে কিয় এটা? | ৰম্ভাই হাম্মোনিয়মটো আনি বজাবলৈ আৰু লগে লগে গাবলৈ ধৰিলে :- আজি কেনে ধৰে শশাভা যমুনা-বেলা। কদম-তলত নাচে ব্ৰজৰ কোমলা বালা। ৰুণুক-জুমুক বাজে নেপুৰ, খহে আঁচল উঠন বুকুৰ, লাজে সানে ৰহণ মধুৰ, গতি চঞ্চলা। বৃন্দাবনত চৰায় ধেনু, ৰাধা বুলি বজায় বেণু, সুৰত উৰে ফুলৰ ৰেণু | কানু পগলা। গীত শেষ হ’লত ৰমণীয়ে ক'লে,-“বঢ়িয়া হৈছে। গানটোও বেচ, সুৰটোও ভাল, তাৰ লগতে তােমাৰ এই কিৰ-কণ্ঠ। ইয়াতকৈ সুন্দৰ আৰু কি হ'ব পাৰে। ইয়াতকৈ মধুৰ গীত কোনে গাব পাৰে! মই তােমাক অন্তৰেৰে সৈতে ধন্যবাদ দিছে।”