পঞ্চম অধ্যায়
গ্ৰেপ্তাৰ
দীনবন্ধুৰ ওলাই যোৱা দেখিয়েই মটৰ-ড্ৰাইভাৰে নেদেখা ভাও জুৰি আন ফাললৈ মুখ ঘূৰালে। দীনবন্ধুৱে সেইটো লক্ষ্য কৰিও আগ বাঢ়ি গৈ মাত লগালে,-“গুড মৰ্ণিং মিষ্টাৰ ৰায়।”
মটৰ ড্ৰাইভাৰ উচাপ খাই উঠিল; লৰালৰিকৈ উত্তৰ কৰিলে, “গুড মৰ্ণিং চাৰ।”
“বোধ কৰো আপোনাৰ নাম জ্ঞানেন্দ্ৰনাথ ৰায়?”
“হয়।”
“আপুনি আগেয়ে কেতিয়াবা আসামলৈ আহিছিল নে?”
“সৰুতে মই ইয়াতে আছিলোঁ। আজি দহ বছৰমান এই ফালে অহা নাই।”
“এই বছৰতে আপোনাক ক'ৰবাত দেখা দেখা যেন লাগিছে।”
জ্ঞানেন্দ্ৰৰ বুকু কঁপিল। দীনবন্ধুক দেখা পোৱাৰে পৰা তেওঁ বৰ অশান্তি অনুভৱ কৰিছিল, এতিয়া একেবাবেই অধীৰ হৈ পৰিল। সেপ ঢুকি ঢুকি কলে,—“আপোনা ভুল হৈছে, এই বছৰতহে নালাগে, মই কলিকতালৈ যোৱাৰ পৰা এই ফালে অহাই নাই।”
দীন—তেনেহলে মোৰ ভুল হৈছিল, মাফ কৰিব। বোধ কৰোঁ, কলিকতাত আপুনি মুক্তা বাবুৰ লেনত থকা ১১৮ নম্বৰ ঘৰত থাকে?
জ্ঞানেন্দ্ৰৰ আগতকৈও বেচি কঁপনি উঠিল। দীনবন্ধুৱে তেওঁৰ ইমানবোৰ খবৰ পালে ক'ৰ পৰা। আৰু এইবোৰ কথা সোধাৰ
-৩৬৩-