সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিয়াৰ বিষয়ে

দেশৰ শত্ৰু। মই কাম কৰা হলেও তেনে উপায়েৰে ধন ঘটিবলৈ ঘিণ লাগিলহেঁতেন।

 মোমাই — যি মানুহে নিজৰ সুখ-দুখ নুবুজে, নিজৰ অৱস্থা কেনেকৈ ভাল কৰিব লাগে তাৰ কথাও ভাবিব নোৱাৰে, সিও আকৌ মানুহ !

 দীন — পৰক ঠগি খোৱা নাইবা লোকৰ গোলামি কৰি খোৱাতকৈ নিজ হাতে উপাৰ্জ্জন কৰি খোৱা এশ গুণে শ্ৰেয়ঃ ।

 মোমাই — বাৰু, সেয়ে হ’ল; পিছে তাকেনো কৰিছ ক’তা ? তোৰ পামৰ খেতিবাতিত নাই নাই বুলিও ডেৰ হাজাৰ দুহাজাৰ টকা বছেৰেকত আয় হয়; আকৌ কিতাপ-পত্ৰবোৰতো দুপইচা পাৱ। পিচে আজি পাঁচ বছৰত জমা কৰিহ কিমান? খোৱা-লোৱাততো সন্ন্যাসীৰ বৃত্তিকে ধৰিছ।

 দীন — জমা কৰিব যদিও পৰা নাই, আনৰ দৰে অনাহঁকতো খৰচ কৰা নাই !

 মোমাই — অনাহতক কৰা নাইনো কিহত কৰিছ ? এই যে সেৱাশ্ৰমখন পাতি তোৰ টকাবোৰ পানী কৰিছ, কচোন তাৰ পৰা তোৰ কি লাভ হৈছে? সেইখিনি টকা যদি নেপালীক ধাৰে দিলিহেঁতেন, তেনেহলে সি এতিয়া কিমান পোৱালী পাৰিলেহেঁতেন ! নাইবা সেই টকাৰে কৰোঁ বোলা হ’লে তোৰ ঘৰ দুৱাৰবোৰ জাকজমককৈ কৰি ল’ব নোৱাৰিলিহেঁতেন জানো?

 দীন — পাৰিলোঁহেঁতেন, কিন্তু তাত এটা কথা আছে। মানুহে সংসাৰত সদায় সুখেৰে দিন নিয়াবলৈ বিচাৰে, আৰু বেলেগ বেলেগ মানুহৰ মুখৰ আৰ্হিও বেলেগ। মোৰ চকুৰ আগত খাবলৈ নাপাই বা বেমাৰত পৰি যাৰ অভাৱত জাকে জাকে মানুহ মৰিব, মই সিহঁতলৈ কেৰাহিকৈ নাচাই, নিজৰ ঘৰ দুৱাৰ খোৱা-লোৱাৰ সুবিধা

— ২০৫ —