সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰূপৰ বজাৰ

একো নকৰে। মুঠেই বহে, শোৱে, মূৰ মেলায়, গান গায়, খায়, আৰু গাঁ ঘেঁলায়।”

 ৰম্ভাই বাৰাণ্ডালৈ চাই দুৱাৰ মুখে মুখে একোজনী ৰমকজমক সাজপাৰ পিন্ধা তিৰোতা দেখিলে। তেওঁ মানুহজনীক সুধিলে—“ইহঁত এইদৰে সাজি-পাৰি আছে কিয়?

 “সেইটো তুমি নিজে নিজেই বুজিবা।”

 ৰম্ভাই মনে মনে ভাবিলে—“তেনেহলে ই বেশ্যালয় নেকি?”

-৩৭৫-