এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা
তোমাৰ ছবিটি মোৰ বাহিৰে ভিতৰে,
তাতে মই লভিম জুৰণি।
কেতিয়াবা কু-পথত দিয়া যদি ভৰি
কৰ-যোৰে বিভুক খাটিম;
তোমাৰ পবিত্ৰ সেই পুৰণি ছবিটি
চিৰকাল নতুনে ৰাখিম।
য’তে থাকা, যেনে ভাবে, যিহকে নকৰা,
তথাপিও তোমাকেই চাম;
নাযাওঁ যিমান দিন নিজকে পাহৰি
তোমাকেই মাথোঁ ভাল পাম।
⸻
—১৮৬—