পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় অধ্যায়
ঈশ্বৰৰ ইচ্ছা

 আজি কাতিৰামৰ মাটি-বাৰী সম্পত্তি নীলাম হবৰ দিন। কাতি- ৰামৰ তাৰ নিমিত্তে কোনো চিন্তাই নাই; একোবাৰ মনত খেলালেও মদৰ ভাবনাই তাক কেনিবা উৰুৱাই নিয়ে। ৰাগী থকা সময়ৰতো কথাই নাই; তেতিয়া তেওঁ ৰায় বাহাদুৰ।

 ললিতাৰ এক দূৰ সম্পৰ্কীয় ককায়েক আছিল। তেওঁ যদিও ধনী মানুহ নহয়, তথাপি অৱস্থা ভাল বুলিয়েই ক'ব পাৰি। আগেয়ে তেওঁ কাতিৰামৰ ঘৰলৈ প্ৰায়ে আহি গৈ আছিল, কিন্তু দুৰ্গা-পূজাৰ সময়ত কাতিৰামৰ ওচৰত অপমান পাই তেওঁ আগৰ সকলো সম্বন্ধ ছিঙি পেলালে। এতিয়া এই দুৰৱস্থাৰ সময়ত তেওঁৰ ওচৰলৈ যাবলৈকে ললিতাই স্থিৰ কৰিলে। উদ্দেশ্য—যদি তেওঁ দয়া কৰি মানুহকেইটা সোমাই থাকিবলৈ অন্ততঃ ঘৰ এটাকে ৰাখি দিয়ে। শাহুৱেকেও ললিতাৰ কথা সমৰ্থন কৰিলে।

 সেই দিনা ৰাতিপুৱাতে ল’ৰাটো কোলাত লৈ ছ-মাইল বাট খোজ কাঢ়ি ললিতা ককায়েকৰ ওচৰত ওলাল গৈ, কিন্তু লাভ একো নহ'ল। ককায়েকে ক'লে,-“মই সেই মদাহীটোৰ লগত কোনো প্ৰকাৰৰ লেন-দেন ৰাখিব নোৱাৰো। তই যদি থাকিব খোজ, ইয়াতে থাক; কিন্তু তাক হলে মোৰ পদূলিত ভৰি দিবলৈ নিদিওঁ। সি কেতিয়াবা ইয়ালৈ আহিবৰ হলে বাঢ়নীশোটাই হে যি জানে!”

 ললিতাই নীৰৱে কান্দিলে। যিমানেই' তললৈ নামক কাতিৰাম তেওঁৰ স্বামী। অকল কাতিৰাম কিয়, সঙ্গদোষত পৰি বুদ্ধি হেৰুৱাই

—৩৫১—