সাধনা
জয় হ’ল। এতিয়া উকীল আমাৰ যেনে শত্ৰু দীনবন্ধু তাতকৈ চৰা হলেও কম নহয়; তিলােত্তমাৰূপিণী প্ৰভাৱতী আছেই। দুয়ােটাক লগাই দিব পাৰিলেই আমি বহি থাকিয়েই কাৰ্য্য-সিদ্ধি কৰিব পাৰিম।
কমল—এইবাৰ হলে তােমাৰ বুদ্ধিটো নশলাগি নােৱাৰিলোঁ। ঠিক, এয়েই আটাইতকৈ প্রশস্ত উপায়।
কৃষ্ণ—মই ভাবিছোঁ, ই তেনে নহৈ নােৱাৰে। শাস্ত্রমতে ইয়াকে বােলে শ্বা-বৰাহ নীতি।
সৰ্ব্বা—বুদ্ধিটো দেখাত ভাল হলেও কামত লগােৱা উজু নহয়। দীনবন্ধুক সহজে কোনেও বশ কৰিব নােৱাৰে।
কমল—সেই ময়াে জানাে। সেই দেখিয়েই আমি এতিয়া অলপ বেঁকা বাট বাচি ল’ব লাগিব।
সৰ্ব্বা—মই এতিয়াও তােমাৰ কথা বুজা নাই।
কমল-শুনা তেন্তে। মানুহৰ মুখত যিবােৰ কথা শুনা গৈছে সেইবােৰ সঁচা বুলি প্ৰমাণ কৰিব লাগিব। দীনবন্ধুৰ মনত বিশ্বাস জন্মাই দিব পাৰিলেই, তেওঁ তাৰ প্ৰতিকাৰৰ উপায় কৰিব।
সৰ্ব্বা—কিন্তু বিশ্বাস জন্মাকৈ প্ৰমাণ জানাে কোনােবাই দিব
পাৰিব ?
কমল—মােৰ বিশ্বাস, পৰা যাব। তুমি জানা নহয় স্কুল পাতিবৰ দিনাৰে পৰা ভূতনাথৰ লগুৱাটো তাৰ চকিদাৰ আছিল। পিচে, তাৰপৰা নিয়ম মতে কাম নচলে বুলি কালি চেক্রেটাৰীয়ে খেদাই দি তাৰ সলনি এজনী তিৰুতা ৰাখিছে। ভূতনাথে স্কুলৰ দৰমহাতে এটা লগুৱা পাই আহিছিল; এতিয়া তাক খেদোৱাত তেওঁ বৰ বেজাৰ পাইছে। সেই দেখি তেওঁ গকুল আৰু প্ৰভাৰ কেনেকৈ অপকাৰ কৰিব, তাকে ভাবিব লাগিছে। কালি তেওঁ
মােৰ ঘৰলৈ গৈ চেক্রেটাৰী প্রভৃতিৰ বহুতাে বদনাম ক’লে আৰু
-১১৮-