পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মিশন স্কুল ৰম্ভাই দেখিলে, সি ফাটেকৰ কয়দীৰ শাসন প্রণালীৰ লগতহে মিলে। কয়েদীয়ে আগেয়ে যি খাদ্যকেই খাওক, যেনে আহাৰতেই ৰুচি বহুৱাওক, ফাটেকত পৰিলে ফাটেকৰ নিয়মতে যি পায়, তাক খাবই লাগিব, যি পিন্ধিবলৈ দিয়ে, নিপিন্ধিলেই নহয়। তাৰ পৰা স্বাস্থ্য ভগ্ন হােৱাৰ ভয় থাকিলেও তাৰ ব্যতিক্রম ঘটিব নােৱাৰে। কিন্তু যেই ফাটেকৰ পৰা ওলায়, তেতিয়াই আকৌ নিজৰ ৰুচিমতে খােৱা-পিন্ধা চলায়। মিশন স্কুলৰ ধৰ্ম্মও সেয়ে। যি যেনেকৈ ঈশ্বৰ-বিশ্বাস কৰক, বাইবেল পঢ়িবই লাগিব আৰু অসঙ্গত কাহিনীকো হয় বুলি শলাগিবই লাগিব ; গির্জালৈ যাওঁতে যিমানেই অশান্তি পাওক যাবই লাগিব। কিন্তু যেতিয়াই গির্জাৰ পৰা বা বাইবেল শ্ৰেণীৰ পৰা ওলাই আহে, তেতিয়াই সকলে নিজ নিজ অভিৰুচিমতে ঈশ্বৰ-বিশ্বাসলৈ ঘূৰি আহে। আন কি, যিবােৰ খৃষ্টান ধৰ্মত দীক্ষিত হৈছে, তেওঁলােকৰ সৰহ ভাগে মিচহঁতৰ পৰা আঁতৰ হলেই সেই ধর্ম পাহৰি যায়। তেওঁলােকৰ পেৰাতত দেৱ-দেবীৰ মূৰ্ত্তি বিচাৰিলে পােৱা যায়। মুঠতে মিশু স্কুলৰ,—অন্ততঃ ৰম্ভাই য’ত কাম কৰিছিল সেইখনৰ খৃষ্টান ধর্ম গির্জালৈ যােৱা আৰু বাইবেল পঢ়াতেই আবদ্ধ, ঈশ্বৰ-বিশ্বাসৰ লগত তাৰ সম্পর্ক নাই। | মিচ ডেইটনে ৰম্ভাক প্ৰায়েই খৃষ্টান হবলৈ উপদেশ দিয়ে, আৰু পৃথিবীৰ যাৱতীয় ধৰ্মক নিন্দা কৰি, সেই ধৰ্মাৱলম্বীবােৰ যে অনন্ত নৰকলৈ যাব তাক বৰ দুখ প্ৰকাশ কৰি কয়। হিন্দু ধৰ্ম্মকতাে ব্যভিচাৰৰ নামান্তৰ বুলি হে ব্যাখ্যা কৰে, আৰু সেই ধৰ্মাৱলম্বী ধৰ্ম্মজ্ঞানহীন মানুহবিলাকক কেনেকৈ উদ্ধাৰ কৰিব, তাৰ চিন্তাতেই বােলে তেওঁৰ ৰাতিও টোপনি নাহে। ৰস্তাই তাত তিনি মাহ কাম কৰাৰ পিচত এদিন মিচ ডেইটনে ক’লো , তুমি যদি এতিয়াও খৃষ্টান নােহােৱা, তেনেহলে তােক