পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

ঢাকনী এৰুৱাই দিলত তাৰ পৰা এটা মানুহ ওলাল। কুঠাৰৰ আগ বা-বিচনীত লগাত তাৰ পৰা তেজ ৰৈ তেওঁৰ গাৰ কাপোৰ-কানি ৰাঙলী কৰিছে।

 এই দৃশ্য দেখি মহেশৰ ঘৈণীয়েক ভয়তে মূৰ্ছা যাওঁ যাওঁ হ'ল। মহেশে দেখিলে মানুহটো লক্ষ্মীকান্ত। খঙত অধীৰ হৈ মহেশে লক্ষ্মীকান্তৰ ডিঙিলৈ টোৱাই আকৌ কুঠাৰ ডাঙিলে। এনেতে পাচ- ফালৰ পৰা কোনোবা আহি তেওঁক সাবট মাৰি ধৰিলে, আৰু মহেশে ঘূৰি চাবলৈ সময় পোৱাৰ আগতে ইন্দ্ৰনাথ সম্মুখত উপস্থিত হ’লহি। মহেশে ক'লে,—“এৰি দিয়া, ইহঁত দুয়োটাক এই কুঠাৰেৰেই বধি মই ফাঁচা যাম।”

 “কিয় ভাই। ইহঁতৰ দোষ কি? তুমি নকৰা কাম ইহঁতেনো কি কৰিলে? তোমালোক দুয়ো বিবাহিত, অথচ দুয়ো পাটীৰ তিৰোতা এৰি পৰৰ তিৰোতাৰ পাচত ঘূৰা। তুমি যেনেকৈ লক্ষ্মীকান্তৰ ঘৰত সিন্ধি দিছা, লক্ষ্মীকান্তয়ো তোমাৰ ঘৰত সিন্ধি দিছে। কোনে কাক দোষ দিব? তোমাৰ ঘৈণীয়েৰাৰেই বা দোষ ক’ত? তুমি যেনে আৰ্হি দেখুৱাইছা, তেনে আৰ্হিকেই লৈছে। লক্ষ্মীকান্তয়েই বা চাপিল কাৰ দোষত? তুমি যদি তেওঁক এৰি আনৰ নিমিত্তে মতলীয়া হ'ব পাৰা, তেৱো তোমাক এৰি তেনে কৰাত অপৰাধ কাৰ গাত?”

 এই সুযোগতে লক্ষ্মীকান্তই বাহিৰ ওলাই এটা হাতেৰে কাটাৰিখিনিত ধৰি, যিমান বেগাই পাৰে ঘৰলৈ লৰ দিলে।

 মহেশে কুঠাৰ এৰুৱাবলৈ যত্ন কৰি অকৃতকাৰ্য হৈ ইন্দ্ৰনাথক ক'লে,—“তুমি গুচি যোৱা, তোমাক মই ইয়াত ওকালতি কৰিবলৈ মতা নাই। পৰক উপদেশ দিওঁতে সকলো পণ্ডিত। তুমিনো কি সাধুপুৰুষ জন? বোলে শালকো শিঙীয়ে হাঁহে, তয়ো অসাইজ্‌, ময়ো অসাইজ্‌

ভালেহে গৰাকী নাহে’।”

—২৪২—