সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

যোগ দিব। মোৰ সৰ্ব্ব ভৰসা আপোনাৰ ওপৰতে। মই আপোনাৰ তালৈ এবাৰ যাম বুলি ভাবিছিলোঁ, অনুমতি পালে যাব পাৰোঁ। সোনকালে উত্তৰ দি যেন বাধিত কৰে। চিঠিত যদি কিবা দোষ কৰিছোঁ মাৰ্জনা কৰিব। ইতি।

বিনীতা 
শ্ৰীপ্ৰভাৱতী দাসী।

 চিঠিখন পঢ়া হ’লত দীনবন্ধুৱে বহুত বেলি নীৰৱে ভাবিলে। তাৰ পিচত কাগজ এখন লৈ লিখিলে :—

মাননীয়ে,

 আপোনাৰ চিঠি পঢ়ি আপোনাৰ উদ্দেশ্যৰ কথা শুনি ৰং পালোঁ। ইয়াত যে স্ত্ৰীশিক্ষাৰ অভাৱত বহুতো অনৰ্থ ঘটিছে, তাত কোনো সন্দেহ নাই। আজি বহুত দিনৰে পৰা মই সেই বিষয়ে ভাবিছোঁ; কিন্তু মোৰ আদৰ্শ-মতে স্কুল চলাবলৈ দিহা কৰিব নোৱৰাত, ইমান দিনেও তাক হাতত ল’ব পৰা নাই। যদিও স্ত্ৰীশিক্ষা-বিস্তাৰৰ নিমিত্তে মোৰ একান্ত আগ্ৰহ আছে, তথাপি বিজাতীয় আদৰ্শত শিক্ষা দিয়াত মোৰ মত নাই। মই দেখি আহিছোঁ — তেনে আদৰ্শত শিক্ষা পোৱা ছোৱালীৰ সৰহভাগেই বিলাস-বাসনাত উটি ৰমণীৰ স্বাভাৱিক কৰ্ত্তব্যৰ সীমা পাৰ হৈ লোকালোকত প্ৰৱেশ কৰে। দোষ ছোৱালীহঁতৰ নহয়, বিজাতীয় শিক্ষাৰ হে। তেনে শিক্ষা আমাক নালাগে। য’ত ধৰ্ম্মশিক্ষা নাই, য’ত গৃহপৰিচালনাৰ, আত্মনিৰ্ভৰতাৰ শিক্ষা নাই, য’ত অন্তৰৰ পবিত্ৰ আৰু সুকোমল প্ৰকৃতিবিলাকক সজাগ কৰি সজ পথে দি চলাবলৈ চেষ্টা নাই, তাত কি শিক্ষা হ’ব পাৰে! বিলাসিতাৰ শিক্ষা

— ৩৬ —