পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অপৰিচিতা

মূৰৰ পৰা ওলোৱা বুলি ভাবি লবলৈ বাধ্য হৈছিল। তেওঁৰ বিশ্বাস আছিল যে ৰূপহী গাভৰুৰ সম্পৰ্কে ডেকা মানুহে প্ৰকাশ কৰা মন্তব্যত কেতিয়াবাহে নিখুঁত সত্য থাকে, কাৰণ তেওঁৰ মতে বেছি ভাগ তেনে কথাৰ মূল ঈৰ্ষা নাইবা অতৃপ্ত বাসনা। সেই দেখিয়েই তেওঁ এনে আলোচনাত প্ৰায়েই বিৰক্তি প্ৰকাশ কৰিছিল।

 এই এসপ্তাহৰ ভিতৰত প্ৰায় দিনৌ দীনবন্ধুৱে নিলগৰ পৰা যুৱতীক দেখা পাইছিল, আৰু মাজে মাজে গীত শুনিছিল। গায়িকাৰ সৌন্দৰ্য্যত তেওঁ আনন্দ পাইছিল, গীতৰ মাধুৰ্য্যত মুগ্ধ হৈছিল; আন কি, সেই সৌন্দৰ্য্যৰ, সেই মাধুৰ্য্যৰ পুনৰাভিনয়ৰ নিমিত্তে তেওঁৰ আগ্ৰহো জন্মিছিল। প্ৰথম দিনা তেনে হোৱাত তেওঁ অন্যায় হৈছে বুলি নিজক তিৰস্কাৰ কৰিছিল; কিন্তু অলপ পিচতেই তেওঁৰ ভাৱৰ পৰিৱৰ্ত্তন ঘটিল; তেওঁ ভাবিলে, — “সৌন্দৰ্য্যত মুগ্ধ হোৱাত দোষ ক’ত? সৌন্দৰ্য্য নষ্ট কৰাহে অন্যায়। মইতো নিতৌ প্ৰভাত-সূৰ্য্যৰ লোহিত ৰাগ, অস্তোন্মুখ ভাস্কৰৰ জল-কেলি, পূৰ্ণ-চন্দ্ৰৰ ৰজত-ৰশ্মি, মুকুলিত ফুলৰ সৌৰভ, পল্লবিত তৰুলতা, কলনাদিনী স্ৰোতস্বিনী, পক্ষীৰ কলৰৱ, মলয়াৰ ব্যঞ্জন উপভোগ কৰি মুগ্ধ হৈ আহিছোঁ, পুনঃ পুনঃ তাৰ আস্বাদৰ নিমিত্তে অভিলাষ কৰি আহিছোঁ, তাৰ পৰাতো কাৰো একো ক্ষতি হোৱা নাই! সৌন্দৰ্য্য হ্ৰাস হোৱা নাই। তেন্তে এই আগ্ৰহত কাৰ কি হানি হ’ব পাৰে! ই যে প্ৰাকৃতিক সৌন্দৰ্য্যৰ উপাসনাৰ বাহিৰে একো নহয়। তাক নষ্ট কৰিবলৈ যেতিয়া মোৰ আগ্ৰহো নাই, অৱসৰো নাই, অমূলক আশঙ্কাৰ আৱশ্যক কি। যি কাম হৃদয়ত পাপ বা মলিনতা লৈ কৰা নহয়, সি কেতিয়াও দোষণীয় হ’ব নোৱাৰে।”

 সেই দিনাৰ পৰা তেওঁৰ মনত নিজৰ বিৰুদ্ধে কোনো অভিযোগ উঠা নাই।

 সেইদিনা ৰাতিপুৱা সাত বজাৰ সময়ত দীনবন্ধুৱে চাহ খাই উঠি

— ৩৩ —