পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

নাম লোৱা পশু, সেই কাৰণে মই আৰু ইয়াত থাকিবৰ ইচ্ছা নকৰোঁ। এনে মানুহৰ মাজত বাস কৰাতকৈ অৰণ্যৰ পশু-পক্ষীৰ মাজত বাস কৰা সহস্ৰগুণে ভাল। আপোনাৰ দৰে দেৱ-পুৰুষো যেতিয়া মোৰ কাৰণেই কলঙ্কৰ ভাগী হ’ব লগাত পৰিল, তেনে কথা কবলৈ যেতিয়া সিহঁতৰ জিভা আড়ষ্ট নহ’ল, মই সিহঁতৰ কথা শুনিবলৈ পোৱা ঠাইত থাকিবৰ ইচ্ছা নকৰোঁ। আপোনাৰ কি ইচ্ছা জনাব।”

 দীনবন্ধুৱে তাৰ উত্তৰত ক’লে,—“মোৰ যদি উপদেশ শুনা, তুমি তোমাৰ কৰ্ত্তব্য মনোযোগেৰে কৰি যোৱাঁ। যেতিয়ালৈকে এইবোৰ কথাৰ নিয়মমতে বিচাৰৰ আৱশ্যক নহয়, তেতিয়ালৈকে তাৰ বিষয়ে ভবাৰ প্ৰয়োজন নাই। এনে এদল পৰনিন্দক সকলো সমাজতে দেখিবলৈ পাবা। বোধকৰোঁ সিহঁতৰ প্ৰয়োজনো আছে। ঘোষাত কৈছে—

বৈষ্ণৱ-নিন্দক সূচকক, বিষ্ঠালুঠা গ্ৰাম্য শূকৰক,
 বিধাতায়ে দুইকো স্ৰজিলন্ত দয়াতৰে।
সূচকে জানিবা নিৰন্তৰে, সাধুসমস্তক শুদ্ধ কৰে,
 যিমতে শূকবে গ্ৰামক শোধন কৰে॥

 সেই কাৰণে কোনো ভয় বা উদ্বেগৰ আৱশ্যক নাই। সিহঁতে সিহঁতৰ যি কৰ্ত্তব্য বুলি বুজিছে, তাকে কৰক, তুমিও তেনেকৈয়ে তোমাৰ কৰ্ত্তব্য কৰি থাকাঁ।

 শিৱ তেতিয়াও দীনবন্ধুৰ ঘৰলৈ অহা-যোৱা কৰি থাকে; বোধ- কৰোঁ, বাহিৰৰ আলোচনাবিলাকৰ বিষয়ে দীনবন্ধুৰ মতামত শুনাই তেওঁৰ অভিপ্ৰায়। কিন্তু দীনবন্ধুৱে সেইবোৰৰ সম্পৰ্কে কোনো কথাকেই নুলিয়ায়। এইবোৰ যে শিৱকে আদি কৰি প্ৰভাৱতীক লাভ

কৰাৰ চেষ্টাত বিফলমনোৰথ হোৱা দলৰ নাৰকীয় ষড়যন্ত্ৰ, তাক

-২৯২-