পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মাহী কাতি—এৰা, আহিছিল, পিচে মই দেখা পাই পলালো। তপেশ্বৰ—তই পলালত সি কি কৰিলে ? কাতি জানাে আইৰ লগত কি কথা পাতিছিল ! তপেশ্বৰ কিমান পৰৰ মূৰত গল? কাতি—এঘণ্টামানেই হ’ব কি জানি। তপেশ্বৰ—ওঁ, এতিয়া আৰু কোনাে সন্দেহ নাই। মই বি শুনিছিলোঁ, সি সঁচা। কাতি কি কথা শুনিছিল ? তপেশ্বৰ যি শুনিছিলোঁ তাক কৈ আকৌ কাজিয়া এখন লগােৱা ভাল নহয়, মােক সুধিবি। কাতি-নহয় আকৌ। কথাটো শুনিলে তেওঁ সাৱধান হ’ব পাৰিম। তপেশ্বৰ—সেইটো হওঁতে হয়। বাৰু তেন্তে, তই মােৰ নাম কতাে মুলিয়াবি। মই মুঠেই থােৰতে কথাটো কওঁ। কাতি—সেইটোনাে আৰু ক'ব লাগিছেনে ? মই কেলেই উলিয়াম ? তপেশ্বৰ—শুন তেনে। দীনবন্ধু ডেকা মানুহ, এতিয়াও বিয়া কৰােৱা নাই। তাতে তােৰ ঘৈণীয়েৰ হৈছে গাভৰু ছােৱালী । তেনেস্থলত তই নথকাত সি এঘণ্টাকৈ তােৰ ঘৰত বহাৰ কি কাল থাকিব পাৰে। মই বঢ়িয়াকৈ বুজিছো,তাৰ মতলব ভাল নহয়। কাতি আপুনি ঠিক কৈছে, মই আগেয়ে ভবাই নাছিলো। তপেশ্বৰ-তই এইবােৰ কথা লৈ বেচি গােলমাল নকৰিবি, তেতিয়া হলে বেয়া হ’ব। মুঠেই ঘৰত কৈ দিবি যাতে দীনবন্ধু আহিলে এতিয়াৰ পৰা তাক কোনেও বহিবলৈ নিদিয়ে, আৰু কোনাে কথা নাপাতে। তই এতিয়া ডাঙৰ মানুহ । তােৰ মাৰেই বা কিয় মতা মানুহৰ আগলৈ ওলাব। সেইবােৰ সামান্য মানুহৰহে দস্তুৰ। কাভিৰামে সেই দিনাই মাক আৰু ঘৈণীয়েকক এইদৰে ক'লে,-