পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

 দীন—সঁচাকৈয়ে মই খেতিয়ক। আপুনি যেনেকৈ নানা কাৰ্য্যত ফুৰিলেও ধৰ্ম্মপ্ৰচাৰকেই ঘাই ব্যৱসায় বুলি জানে, ময়ো তেনেকৈ আন কামত হাত দিলেও খেতিকেইহে মোৰ ঘাই ব্যৱসায় বুলি জানো। মোৰ জীৱিকা আৰু সকলো কাম খেতিৰ ওপৰতে নিৰ্ভৰ কৰে। তদুপৰি সময় পালে মই নিজ হাতেও খেতি কৰোঁ। তেনেস্থলত মই খেতিয়ক বুলি পৰিচয় নিদি আৰু কি বুলি দিম?

 চাহাব—মই আপোনাৰ বিষয়ে সকলো শুনিছোঁ। যদি আপোনাৰ দৰে খেতিয়ক প্ৰত্যেক দেশতে অন্ততঃ আধা ডজন থাকিলহেঁতেন, তেনেহলে আজি পৃথিবীৰ ৰূপেই বেলেগ হ’লহেঁতেন।

 দীনবন্ধুৱে চাহাবৰ প্ৰশংসাত আহুকাল বোধ কৰি জ্ঞানেন্দ্ৰৰ কথাৰ অৱতাৰণা কৰিলে। শুনি থাকি শেহত চাহাবে ক’লে,—“সি মোৰ কুনাম আনিলে। মোৰ লগত পাঁচ বছৰ থাকিও, সি যেতিয়া এনে পাষণ্ড হৈয়েই আছে, তাৰ আৰু সংশোধন অসম্ভৱ। তাৰ যথোচিত শাস্তিৰ ব্যৱস্থা কৰিব লাগে।”

 দীন—আপুনি এজন ধৰ্ম্মপ্ৰচাৰক, জ্ঞানেন্দ্ৰও আপোনাৰ অধীনতে থাকে। তেনেস্থলত আপুনি তেওঁক ভাল বাটলৈ আনিবলৈ গাত ল’ব নোৱাৰেনে? যি ভাল, সি এনেয়ে ভাল; বেয়াক ভাল কৰিব পাৰিলেহে ধৰ্ম্মৰ প্ৰভাৱ বুজা যায়। মোৰ মতে আপুনি জ্ঞানেন্দ্ৰৰ অভিভাৱক হৈ তাৰ কাৰ্য্যকলাপত সততে চকু ৰাখক। যদি তাৰ পৰা সংশোধন হয় ভালেই, যদি নহয় তেতিয়া মোক জানিবলৈ দিব, মই যথাবিহিত কৰিম।

 চাহাব দীনবন্ধুৰ কথাত সম্মত হ’ল, আৰু দীনবন্ধুৰ অনুৰোধ মতে চাহ এপিয়লা খাই বিদায় ল’লে। যাবৰ সময়ত পিচদিনা স্ত্ৰীশিক্ষাশ্ৰম আৰু সেৱাশ্ৰমৰ কাৰ্য্য-প্ৰণালী দেখুৱাব লাগিব বুলি দীনবন্ধুক অনুৰোধ কৰি গ’ল।

—৩৬৮—