পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা


তেওঁক পুৰুষৰ সমাগমৰ পৰা নিলগাই ৰাখিব লাগে; কিন্তু বহুতে হয়তো তেনে নিয়ম মানিবলৈ আপত্তি কৰিব।

 দীন—আপত্তি কৰিলে তেওঁক শিক্ষয়িত্ৰী নৰখাই ভাল। বিদ্যালয়ত শিক্ষকতা কৰিবলৈ পুৰুষৰ লগত গোপন পৰামৰ্শ কৰিবৰ কোনো আৱশ্যক হ’ব নোৱাৰে। আন কাৰণতো আৱশ্যক হলে, স্কুলত নাইবা তৃতীয় ব্যক্তিৰ উপস্থিতিত কথা পতাত কোনেও আপত্তি নকৰে।

 উমা—কোনো শিক্ষিতা কুমাৰীয়ে যদি মাক-বাপেক বা ভায়েক ককায়েকৰ লগত থাকি ঘৰৰ পৰা অহা-যোৱাকৈ কাম কৰে, তেতিয়াও তেনে নিয়ম-প্ৰণালীৰ আৱশ্যক হবনে?

 দীন-সদায় নহয়, কিন্তু কেতিয়াবা হবও পাৰে।

 উমা-কেতিয়া?

 দীন—এনে অভিভাবকো আছে, যি নিজৰ সাংসাৰিক সুবিধাৰ নিমিত্তে নিজৰ কন্যা বা ভগিনীৰ অধঃপতনত সাহায্য কৰে। তেনে অভিভাবকৰ তলত থকাতকৈ স্বাধীনভাবে থকাও ভাল, কাৰণ তেনে অভিভাবকৰ নামৰ ঢাকনীৰ তলত যি ইচ্ছা তাকে কৰিব পাৰে, কিন্তু অকলৈ থাকিলে অলপ ভয় কৰাৰহে সম্ভাবনা।

 উমা–তুমি বোধকৰোঁ ৰম্ভালৈ লক্ষ্য ৰাখি এই কথা কৈছা?

 দীন-মই কাৰো নাম ল’ব নোখোজোঁ; কিন্তু অভিভাবকৰ দুশ্চৰিত্ৰতাৰ বাবে যে সন্তানৰ পতন হ’ব পাৰে, তেনে দৃষ্টান্ত বিৰল নহয়;—বিশেষকৈ সেইবোৰ পৰিয়ালত, যিবোৰ পূৰ্ব্বৰে পৰা ব্যভিচাৰ দোষত দুষ্ট।

 উমা—মই এইবোৰ কথা সোধাৰ উদ্দেশ্য আছে, বালিকা-স্কুলত তোমাৰ প্ৰস্তাৱমতেই আৰু এজনী শিক্ষয়িত্ৰী ৰখাৰ কথা হৈছে; ৰম্ভা আৰু কোনোবা এজনীয়ে হেনো আবেদনো কৰিছে, কিন্তু তেওঁলোকৰ

কাম দিবলৈ দুই এজন সভ্যৰ আগ্ৰহ থাকিলেও সৰহভাগৰ ইচ্ছা নাই।

-২৫৪-