পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

 দীন — তোমাৰ অনুমান যদি সঁচা হয়, তেনেহলে বিয়া কৰাব পৰা হলে তেওঁক অন্ততঃ সুখী কৰিব পাৰিলোহেঁতেন; কিন্তু সম্প্ৰতি মই তাৰ নিমিত্তে অপাৰগ।

 উমা — আগলৈতো সমৰ্থ হবা।

 দীন — তাতো মোৰ সন্দেহ আছে। মুঠতে মই তেনে বিধৰ কোনো দায়িত্ব গ্ৰহণ কৰিব নোখাজো।

 উমা — বাৰু যি হওক, তুমি অলপ দকৈ কথাটো গমি চাবা।

 এনেতে উমাকান্তই ঘৰৰ ওচৰ পাই দীনবন্ধুৰ ওচৰত বিদায় ল’লে দীনবন্ধুও ঘৰমূৱা হ’ল।

— ৮ —