পাদুৰী চাহাব
দিলে। তিৰুতাবিলাকক বিশেষভাবে সূতা কটা আৰু কাপোৰ
বোৱাত লাগিবলৈ আৰু মতাবিলাকক ভালকৈ মাহ-সৰিয়হ আদিৰ খেতি
কৰিবলৈ বিশেষভাবে অনুৰোধ কৰিলে, আৰু সমিতিৰ পৰা আৱশ্যক
অনুযায়ী তাত সাহায্য কৰিবলৈ প্ৰতিশ্ৰুতি দিলে। এই সমিতি গবৰ্ণমেণ্টৰ
“কো-অপাৰেটিভ ক্ৰেডিট চচাইটিৰ” আৰ্হিত স্থাপন কৰা হ'ল।
এমাহৰ অক্লান্ত পৰিশ্ৰমৰ পিচত দীনবন্ধু ঘৰলৈ আহিবলৈ ওলাল; বহুতো মানুহ তেওঁক ঢোল-খোল আৰু দোলাৰে আগ বঢ়াবলৈ আহিল। দীনবন্ধুৱে তেনে শোভা-যাত্ৰাৰ বিৰুদ্ধে বহুত বুজাই শেহত ক'লে,— “ৰাইজসকল, আপোনালোকে যদি এই দুখীয়াৰ কথা শুনে, আৰু সেই মতে কাম কৰে, তেনেহলেই তেওঁক যথেষ্ট সম্মান আৰু মৰম কৰা হ'ব। নহলে মোক দোলাত ভৰাই চাকোলা মানুহৰ দৰে লৈ যোৱাৰ পৰা একো লাভ নহয়। বৰং সি মোক অকৰ্মণ্য বুলিহে প্ৰমাণ কৰিব। আকৌ ঢোল-খোল আদিৰেই বা প্ৰয়োজন কি! মইতো বিয়া কৰাবলৈ ওলোৱা নাই! মুঠতে এইবোৰ আড়ম্বৰ মই বেয়া পাওঁ। ৰাইজৰ ওচৰত মই কোন কূটা! আপোনালোকৰ ভৰিৰ ধূলিৰ যোগ্য হ'ব পাৰিলেই মই মোক সৌভাগ্যৱান বুলি ভাবিম। আপোনালোকে আশীৰ্ব্বাদ কৰক যেন ৰাইজৰ সেৱাত মই মোৰ জীৱন উচৰ্গা কৰিব পাৰোঁ। তেতিয়া হলেই মই যথেষ্ট সম্মানিত আৰু গৌৰৱান্বিত হ’ম।
তেতিয়া সকলো ৰাইজে হৰিধ্বনিৰে চৌদিশ কঁপাই তুলিলে, আৰু দীনবন্ধুৱে আপত্তি কৰাতো প্ৰায় তিনি কুৰিমান মানুহ জয়ধ্বনি কৰি তেওঁৰ লগত জাহাজঘাটলৈকে আহিল। দীনবন্ধুৱে সকলোকে মিঠা মুখেৰে উপদেশ দি নমস্কাৰ জনাই যথাসময়ত জাহাজত উঠিল।
দীনবন্ধুৱে জাহাজত উঠিয়েই দেখিলে এজন চাহাবে তৃতীয় শ্ৰেণীৰ যাত্ৰীবিলাকৰ মাজত সোমাই বক্তৃতা দিছে। চাহাবজন আমেৰিকাৰ
ব্যেপ্টিষ্ট মিশ্যনৰ এজন পাদুৰী। তেওঁ কৈছে,—“ভাৰতবৰ্ষৰ মানুহ-
-২২৯-