পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

প্ৰভাৱতীলৈ পঠিয়াই দিলে। তাৰ পিচত বহুত বেলি তেওঁ গভীৰ চিন্তাত নিমগ্ন হ’ল।

 হঠাৎ ঘৰ ঘৰ শব্দ শুনি দীনবন্ধুৰ ধ্যান ভাগিল। তেওঁ মূৰ ডাঙিয়েই তেওঁৰ ঘৰৰ আগত এখন ভেৰোণীয়া গাড়ী দেখিবলৈ পালে আৰু কোন আহিছে বুলি ভাবিবলৈ সময় পোৱাৰ আগেয়েই এজনী ৰূপহী গাভৰু গাড়ীৰ পৰা নামিল। তেওঁৰ বৰণটো বগা, মুখখন গঢ়িত, চকুকেইটা চঞ্চল, ওঁঠত হাঁহি, চুলিকোছা দীঘল আৰু এফলীয়াকৈ সেওঁতাফলা। মুখৰ স্বাভাৱিক ৰং বগা হলেও তাৰ ওপৰত “পাউডাৰ” সানি আৰু উজ্জ্বল কৰা হৈছে। চেমিজৰ ওপৰত কঁকালত এখন বেনাৰচী শাৰী কোঁচ দি দি ঘূৰিৰ নিচিনা কৰি পিন্ধা। ওপৰ ছোৱাত এটা ‘ব্লাউজ’ আৰু এখন আলোৱান, ভৰিত “লেডি শ্ব্যু” আৰু ৰেচমী মোজা। অলঙ্কাৰৰ ভিতৰত মাত্ৰ বাওঁ হাতৰ ঠাৰিত বান্ধি লোৱা এটা হাত-ঘৰি। গাড়ীৰ পৰা নামিয়েই তেওঁ উৰণীয়া পখিলাটিৰ দৰে দীনবন্ধুৰ কাষ পালেহি। এইদৃশ্য দেখি অলপ সময়ৰ নিমিত্তে দীনবন্ধু হতবুদ্ধি হোৱা দি হ’ল। হবৰ কথাই; কিয়নো এনে ধৰণৰ যুৱতীৰ লগত ইতিপূৰ্ব্বে তেওঁৰ সাক্ষাৎ হোৱা নাই আৰু কোনো দিনে কোনো ৰমণীক তেওঁৰ ঘৰত অভ্যৰ্থনা কৰিব লগাত পৰা নাই। তেওঁ এবাৰ ভাবিলে কিজানি কৰবালৈ আহি ভুল কৰিছে। এই ভাব মনলৈ আহিলত তেওঁৰ অলপ ভাল লাগিল; বিনীত ভাবে সুধিলে, — “আপুনি কাক বিচাৰিছে?”

 যুৱতী — আপোনাকেই বিচাৰি আহিছোঁ। এটা বিশেষ প্ৰয়োজন আছে।

 যুৱতীৰ গঢ়-গতি, সাজ-পাৰ দেখি আৰু কথা শুনি দীনবন্ধুৰ সন্দেহ উপস্থিত হ’ল। যি হওক, ততালিকে আত্মসংবৰণ কৰি, যুৱতীক বহিবলৈ ক’লে।

— ৩৮ —