আকৌ সেই শব্দ! দীনবন্ধু চমকিত হ’ল, এইবাৰ আৰু তেওঁ অলপো অপেক্ষা নকৰি, একে চোঁচাই দুৱাৰৰ কাষ পালেগৈ। দুৱাৰ মেলি যি দেখিলে তাত যেন তেওঁৰ গোটেই শৰীৰ অৱশ হৈ গ'ল, এটা সন্দেহৰ বৈদ্যুতিক প্ৰবাহ যেন শিৰে শিৰে বৈ গ’ল। নিশ্চিন্ত মনেৰে গৈ থকা পথিকৰ সন্মুখত হঠাৎ এটা সাপ বা বাঘ ওলালে তেওঁৰ অৱস্থা যেনে হয়, সেই মুহূৰ্ত্তত দীনবন্ধুৰ অৱস্থাও তদ্ৰুপ হৈছিল। তেওঁ দেখিলে দুৱাৰ-মুখত মলিন-বদনা সাশ্ৰুনয়না বেপমানা প্ৰভাৱতী।
অলপ সময় থৰ থৈ থকাৰ পাচত দীনবন্ধু প্ৰকৃতিস্থ হ’ল, আৰু সেই অৱস্থাত কোনো কথা পতা যুগুত নহয় বুলি প্ৰভাৱতীক ক'লে,— “সোমাই আহা।”
প্ৰভাৱতী ভিতৰ সোমাই আগৰ দৰেই কঁপিবলৈ ধৰিলে। দীনবন্ধুৱে দুৱাৰখন বন্ধ কৰি থৈ প্ৰভাক সুধিলে,—“এই শেহ নিশা তুমি এনেকৈ আহিলা কিয়?”
প্ৰভা নিমাত, মাত্ৰ বতাহত কল গছ কঁপা দি তেওঁৰ গোটেই শৰীৰ কঁপিব লাগিছে; একোবাৰ দীনবন্ধুৰ মুখৰ ফালে চাই পিচ মুহূৰ্ত্ততে তলমূৰ কৰিছে।
দীনবন্ধু—হৈছে কি? কিবা দুৰ্ঘটনা ঘটিছে নেকি?
প্ৰভাৱতীয়ে মূৰ জোকাৰি নাই হোৱা বুলি বুজালে।
দীন—মোক লগ পোৱাৰ কিবা প্ৰয়োজন আছে নেকি?
প্ৰভাই মূৰ দুপিয়াই স্বীকাৰ কৰিলে।
দীন—এনে কি বিশেষ প্ৰয়োজন হ’ব পাৰে যে তুমি এই অন্ধকাৰ নিশা মোৰ ইয়ালৈ নাহিলেই নহয়?
প্ৰভাই একো উত্তৰ নিদি ভৰিৰ আঙুলীৰে মাটিত আঁক দি লৈ চাই ৰ'ল। দীনবন্ধুৱে অলপ বিৰক্তিৰ সুৰেৰে ক'লে,-“তোমাৰ যদি ক’বলৈ কথাই নাই, তেন্তে এনেকৈ আহিলা কিয়? তুমি অন্যায়