দীনবন্ধু চিন্তিত হ’ল। এনে মিছা খবৰ দিয়াৰ পৰা কাৰ কি লাভ, তেওঁ স্থিৰ কৰিব নোৱাৰিলে। আকৌ ভাবিলে কিজানি গাওঁবুঢ়াৰেই ভুল হৈছে।
এনেতে সভাৰ পৰা তেওঁৰ পিচত অহা মানুহ কেইটাও তালৈকে আহিল। সিহঁত লৰি আহিছিল, দীনবন্ধুৰ ওচৰ পাই সিহঁতে একেলগেই সুধিলে, — “দেউতা! কি হ’ল! আপুনি সভা এৰি আমাৰ গাৱঁলৈ অহা দেখি কিবা বিপদ ঘটিল বুলি আমিও লৰি আহিলোঁ। পিচে কি নো হ’ল?”
দীনবন্ধুৱে সকলো কথা যথাযথ বৰ্ণনা কৰিলে। মানুহকেইটাই কলে, — “ই কোনোবা দুষ্ট মানুহৰ কাম; মিছাকৈযে আপোনাক কষ্ট দিলে। চিঠিত নো কাৰ নাম দিছিল?”
দীন — নাম কাৰো নাই। অকল তোমালোকৰ গাৱঁৰ ৰাইজ বুলি লিখা আছিল। আগে-পিচেও বহুত গাৱঁৰ মানুহে তেনেকৈয়ে খবৰ দিয়ে; সেই দেখি সন্দেহ কৰিবলৈ নহ’ল। তাতে অলপ সন্দেহ হলেও এনেবোৰ বিষয় অৱহেলা কৰিব নোৱাৰি; কিয়নো সঁচা হলে যে পলম কৰাৰ পৰা বিপদ ঘটিব।
তেতিয়া সকলোৱে এই অজ্ঞাত দুৰ্জ্জনক শাও-শপনি দি মনৰ খং কিছু মাৰ নিয়ালে। এনেতে সেৱাশ্ৰমৰ পৰা বিলাতী পানীৰ বটল, গন্ধক ধূনাৰ টোপোলা, কৰ্পূৰৰ চিচা ইত্যাদি লৈ চাৰিজন সেৱক উপস্থিত হ’লহি। দীনবন্ধুৱে তেওঁলোকক সকলো কথা কৈ উভতি যাবলৈ ক’লে আৰু ভৱিষ্যতলৈ গাৱঁৰ জনা-শুনা মানুহ এজনৰ চহি নহলে কোনো সংবাদ গ্ৰাহ্য কৰা নহব বুলি গাওঁবিলাকত প্ৰচাৰ কৰি দিবলৈ উপদেশ দিলে। তাৰ পিচত গাওঁবুঢ়া আৰু মানুহ কেইটা লগত লৈ গাৱঁৰ আলি-পদূলি, পুখুৰী, চুৱা-পাতনি আদি চাই য’ত যি সংস্কাৰ কৰিব লাগে সকলোকে বুজাই দিলে।