পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টম অধ্যায়

সান-মিহলি

 কাতিৰামৰ লৰাটোৰ মৃত্যুৰ পৰা দহ দিন মানৰ পিচতে বুঢ়ীয়েও চিৰকালৰ নিমিত্তে চকু মুদিলে। ললিতা উন্মাদিনী হ’ল। দীনবন্ধুৱে বহুত চেষ্টা কৰিও কাতিৰামক ঘৰ লোৱাব নোৱাৰিলে; সেৱাশ্ৰমত থৈ কিবা কৰিব পাৰিব বুলি লৈ পঠিয়ালে, কিন্তু তাতো একো ফল নহ'ল। এখন্তেক ভালমতে থাকি এবাৰ চল চাই পইচা নাইবা কিবা বস্তুকে এটা লই একে লৰেই মদৰ দোকান পায়গৈ। দীনবন্ধুৱে কোনোমতে একো কৰিব নোৱাৰি শেহত এৰি দিলে, কাতিৰামে বলিয়ালি কৰি ঘূৰি ফুৰিবলৈ ধৰিলে। আগৰ লগৰীয়াদলে আজি তেওঁৰ লগত কথা ক'বলৈকো অপমান পায়। মুঠতে কোনোবাই এমুঠি দিলে খায়, নহলে লঘোনতে তেওঁৰ যায়। কোনোবাই দয়া কৰি দুই-এপইচা দিলে পোনেই মদৰ দোকানলৈ লৰ মাৰে। কোনোবাই কিবা কলে নাইবা বুজনি দিলে কয়— “চোপ ৰও, হাম্‌ ৰায় বাহাদুৰ। নহলে কয়,—“পইচা দে, মদ খাওঁগৈ।”

 ললিতাৰ দশাও তথৈবচ। পুতেকৰ মৃত্যুৰ পৰাই তেওঁ ঘৰৰ কথা পাহৰিলে। দিনে-ৰাতিয়ে মৰিশালিত ঘূৰি পুতেকক বিচাৰি ফুৰে। একো একোবাৰ পুতেকক মাতে।—“আহাঁ মোৰ সোণ, খং নকৰিবা; আহাঁ মোৰ আঁচলৰ নিধি, মোৰ দেহ-লাও, মোৰ দেৱতা, লৰি আহাঁ। ক’তনো লুকাই আছা মোৰ সোণ। মই মাতিছোঁ নহয়। ঠেহ নাপাতিবা, মই তোমাক গাখীৰ দিম, কল

-৩৮১-