পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা “তহঁতে মই নথকাত দীনবন্ধুক কিয় আহিবলৈ দিয়? সি যদি আকৌ মােৰ ঘৰলৈ আহে, তেনেহলে নিশ্চয় কৈছো তাৰ মূৰ ভাঙি দিম, তহঁতকো শুদাই নেৰাে। সি মােৰ ঘৰত নটী বিচাৰি আহিছে।” কাভিৰামৰ কথাত মাক আৰু ললিতা একেবাৰেই অবাক ! ‘কথাটো কি মাকে বধ-শপত দি সুধিলে। কাতিৰামে কলে,-“সি মই নথকাত তিৰােতাৰ লগত কিহৰ চুপতি মাৰিবলৈ আহে? তাৰ লাজ নালাগে নে ?” হৰি ! হৰি! কাতিৰামৰ মাকে পুতেকৰ কথাত হুকহুক কৰে কান্দি পেলালে। ষাঠি বছৰীয়া বৃদ্ধা মাকে দীনবন্ধুৰ লগত কথা পাতিছিল, ললিতা ওলােৱাই নাছিল। তেনে স্থলত পুতেকে এনে নির্লজ্জভাবে আক্রমণ কৰিলে তেওঁৰ প্রাণে কেনেকৈ সহ্য কৰে। বুঢ়ীয়ে পিচ দিনা দীনবন্ধুক আহিবলৈ মানা কৰি জনাই পঠিয়ালে ; তপেশ্বৰৰ উদ্দেশ্য সিদ্ধি হ’ল। বহুত দিন কাতিৰামৰ লগত দীনবন্ধুৰ দেখা-সাক্ষাৎ হােৱা নাছিল; আজি তাৰ অৱস্থা দেখি তাৰ কিমান অধঃপতন হৈছে বুজিব পাৰিলে। তেওঁ কাতিৰামক খাৱৈৰ পৰা তুলি দুটামান মানুহৰ সাহায্যেৰে ঘৰলৈ নিলে। দীনবন্ধুক দেখি কাতিৰামৰ মাকে কান্দিবলৈ ধৰিলে, আৰু সকলাে কথা বিবৰি ক'লে। দীনবন্ধুৱে এতিয়াহে কাতিৰামৰ অৱস্থা ভালকৈ জানিব পাৰিলে। ইয়াৰ আগতে সি তাৰ বাপেকৰ জমা টকাখিনি অন্ত কৰিলে বুলিহে তেওঁৰ ধাৰণা আছিল। ধাৰৰ কথা আৰু টকা ডিক্রী হােৱাৰ কথা আজি প্রথম শুনিলে। মাকৰ পৰা সকলাে খবৰ লৈ দীনবন্ধুৱে ক'লে,-“আই, এতিয়া আৰু একো উপায় নাই, যি হ’ব লাগে হৈ গ'ল। যি অৱস্থাত মানুহ সংশােধন হােৱা অসম্ভৱ কাতিৰামৰ অৱস্থাও তেনে। ইফালে সম্পত্তিৰ যি হিচাপ পালো,