পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

পেস্কাৰ হলে যে ধন নানা প্ৰকাৰে আহে — অকল ধন নহয়, চাউল, মাহ, তামোল-পাণ, কল-কুঁহিয়াৰ আদিৰো যে অভাৱ গুচে, সেইটো গোচৰত ফুৰা মানুহৰ মুখে শুনা যায়। পানীৰামেও সেইটো উপায় ভালকৈ কামত খটাই নিজৰ অৱস্থা বিশেষ টনকিয়াল কৰি লৈছিল। এই ধনাগমৰ সময়ত সদায় তেওঁৰ মনত খেলাইছিল যে ককায়েকৰে সৈতে বেলেগ নহলে, তেওঁকো ইয়াৰ ভাগ দিব লাগিব; সেই কাৰণে সোনকালে বেলেগ হোৱা নিতান্ত কৰ্ত্তব্য। ইয়াকে ভাবি এদিন মানুহ গোটাই বাপতী-কলিয়া যি কাঁহী-বাটি দুডোখৰ আছিল তাক ভাগ কৰি ললে। ভায়েকৰ ব্যৱহাৰত মাটিৰামে মানুহৰ মাজতে হুক্‌হুক্ কৰে কান্দিবলৈ ধৰিলে। বহুত সময়ৰ পিচত অলপ স্থিৰ হৈ ক’লে, — “পানীৰাম, মোক একো নালাগে, যদি ঈশ্বৰে মোক খাবলৈ দিয়ে খাম, নহলেও তেওঁৰ যি ইচ্ছা সেয়ে হ’ব। তই এতিয়া ডাঙৰ মানুহ, মোৰ লগত থাকিলে তোৰ মান কমিব। তই পেস্কাৰ, আৰু মই হালোৱা। সেই কাৰণে তোৰ অপমানৰ কাৰণ হৈ তোৰ ওচৰত নাথাকোঁ। ধৰি লবি মাটিৰাম বুলি কোনো নাছিল; সি তোৰ ককায়েৰ নহয়, তোক পঢ়াবৰ নিমিত্তে, — তোক ডাঙৰ মানুহ পাতিবৰ নিমিত্তে সি হাড়ক মাটি, তেজক পানী কৰি নাঙঠা কালৰে পৰা খটা নাছিল; সি মৰিল। মই এতিয়া ওলালোঁ; ঈশ্বৰে তোক কুশলে ৰাখক।” এইদৰে কৈ এটা দীঘল হুমুনিয়াহেৰে চকু-লো বোৱাই মাটিৰাম তাৰপৰা আঁতৰ হ’ল আৰু পতিত মাটি ভাঙি খেতি কৰি পেট প্ৰবৰ্ত্তাই থাকিবলৈ ধৰিলে।

 ককায়েকক বেলেগাই দিয়াৰ পিচত পানীৰামে আগেয়ে থকা ঠাইৰ ওচৰতে এডেখৰ মাটি কিনি ভালকৈ ঘৰ দুৱাৰ সজালে। অলপ দিনৰ ভিতৰতে দুজনী গৃহিণীও সংগৃহীত হ’ল। এই দুজনী তিৰুতা হাত কৰিবলৈ পানীৰামে নিতান্ত কম পৰিশ্ৰম কৰিব লগা হোৱা নাছিল,

— ২০ —