পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

প্রশ্নত ধৰিলে। দীনবন্ধুৱে ক'লে,-“মােৰ যদি মতামত সুধিছা, মই তাত আপত্তি কৰিবলগীয়া একো দেখা নাই ; মাত্র আহোতে যাওঁতে এজন আপােন মানুহ লগত থকা উচিত।”

 ইয়াৰ পিচত অলপ সময় আৰু কিবাকিবি কথা পাতি উমাকান্তই বিদায় ল'লে ; দীনবন্ধু বহুত পৰলৈকে নীৰৱ চিন্তাত বহিল।

⸻⸺

-২৫৬-