পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

 গকুল — এঃ দুজনকৈ সদাগৰ থাকোঁতে আকৌ ভাবিব লাগিছে! আজিৰ খৰচ সৰ্ব্বানন্দৰ নামে থাকক।

 সৰ্ব্বা — মই সদায় দিম নে? মই কালি দিছোঁ, আজি দিব নোৱাৰোঁ।

 গকুল — কিনো আপত্তি কৰি থাকা হে! এই টকাকেইটাৰ বাবে দুখীয়া হোৱা যদি হ’বা।

 তপেশ্বৰ — আমাৰ ৰাজখোৱাইতো এটা ফুটা কড়িও ভঙা নাই। মোৰ মতে আজি তেৱেঁই দিয়ক।

 কৃষ্ণকুমাৰৰ বাহিৰে সকলোৱে। — হয়, হয়, আজি তেওঁৰ নামতে লিখা।

 কৃষ্ণকুমাৰ — মই ভাবিছোঁ উদ্ভিদ্‌তত্ত্বমতে সকলো একেদৰে চলিব নালাগে — কোনো গছ আপুনি হয়, কোনোক সাৰ পানী যোগাব লাগে, কোনো আকৌ আন গছৰ ওপৰতে প্ৰবৰ্ত্তি থাকে। প্ৰত্নতত্ত্বমতেও আৰ্জ্জে নট গুৱালে, খায় বোন্দা শিয়ালে। সমাজতত্ত্বমতে আলহীয়ে একো দিব নালাগে।

 গকুল — এদিনৰ আলহী, দুদিনৰ আলহী, চিৰকাল কোনো আলহী নহয়। ৰাজখোৱাৰ আচল ঘৰ ইয়াত নহয় বুলিয়েই যে তেওঁ সদায় আলহী হৈ থাকিব, তাৰ কি মানে আছে!

 ৰাজখোৱাই ইমান বেলি নীৰৱে চিন্তা কৰিলে। এতিয়া সৰ্ব্বানন্দলৈ চাই গহীনাই সুধিলে, — “হেৰা, তোমাৰ দোকানত বহুত মানুহে টকা জমা থয়, তাৰ ভিতৰত কোনোবা ডেকা লৰা আছে নে?

 সৰ্ব্বা — কেইবাটাও আছে।

 ৰাজখোৱা — লিখা পঢ়া নজনা নগৰৰ ওচৰৰ গাৱঁত থকা তাৰ ভিতৰত কেইটা?

 সৰ্ব্বা — তুমি কোৱাৰ দৰে এটা হে আছে। তাৰ ঘৰ নগৰৰ

— ৫২ —