পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

অলপ ধেমালি কৰি সুধিলে,-“কিহে ডাক্তৰ? ক'ৰ পৰা? বোলোঁ কাক নো ভৱবন্ধনৰ পৰা মুক্ত কৰি আহিলা?”

 ডাক্তৰ—হওঁতে ভৱ-বন্ধন মুক্ত কৰাইহে হয়। মানুহবোৰ এনে অদ্ভুত, সময়ৰ বেলিকা ডাক্তৰৰ খবৰেই নলয়, শেহত যেতিয়া ভাল হোৱাৰ কোনো আশা নাথাকে, তেতিয়া মাত ডাক্তৰ, মৰা মানুহ জীয়াই দিয়কহি। ডাক্তৰে তেতিয়া কি কৰিব! সিফালে কথাটো ওলাব, ডাক্তৰ আহিহে মানুহটো মাৰিলে, যেন ডাক্তৰৰ কাম মানুহ মৰাটোহে।”

 দীন—পিচে গৈছিলা কলৈ?

 ডাক্তৰ-কলৈনো যাবা! মানুহ মাৰিবলৈ। তুমি দেখোন আগেয়ে গম পাইছা।

 দীন—কিন্তু ক’ৰ মানুহ, তাৰ গম পোৱা নাই নহয়।

 ডাক্তৰ—সেই কাতিৰাম বোলা মদাহীটোৰ সৰু ল'ৰা এটা। ইমান দিন ভূ নাই, এতিয়া মৰিবলৈ ধৰিলত মোক মাতিছে। মই কি কৰিম আৰু এঘণ্টামান থকাৰ আশা নাই।

 দীন—বেমাৰটো কি?

 ডাক্তৰ—নিউমনিয়া।

 ডাক্তৰ গ'ল, দীনবন্ধুৰ চকুত চকুলোৱে দেখা দিলে। তেওঁ তেতিয়াই লৰালৰিকৈ কাতিৰামৰ ঘৰলৈ গ'ল। গৈ দেখিলে ৰোগীৰ অৱস্থা সঙ্কটজনক। তথাপি তেওঁ ৰোগীৰ ওচৰত বহি শুশ্ৰুষা কৰিবলৈ ধৰিলে, কিন্তু সকলো মিছা হ’ল। ভগৱানৰ ইচ্ছাৰ বিৰুদ্ধে কোনে কি কৰিব! অলপ পিচতেই ললিতাৰ বুকু শুদা কৰি, জীৱনৰ একমাত্ৰ অৱলম্বন, আলাসৰ লাড় পুত্ৰটিক নিষ্ঠুৰ কালে অকালতে হৰি নিলে। হাহাকাৰ ধ্বনিৰে দিগ্বিদিক পূৰ্ণ হ’ল। মৃত সন্তান বুকত বান্ধি ললিতা মাটিত পৰি মূৰ্চ্ছা গ'ল।

- ৩৫৬-