পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


হাৰি মাজত জিলা মে যাতা।” “গাড়ীমে কোন স্থায় ?” “আউৰত হয়।” মানুহ দুজনে আৰু অপেক্ষা নকৰি বেগাই চাই চলাই দিলে। এজনে ইজনক ক'লে,-“ঠিক এইখনেই।” “নহ'ব কিয়? গাড়ীতে মুঠেই এখন পাৰ হৈছে বুলি ঘটৈয়েই দেখােন কৈছিল।” “এতিয়া একেবাৰেই নিঃসন্দেহ হলো।” তেতিয়া দুয়াে বেগেৰে চাইকেল চলাই মুহুৰ্ততে অদৃশ্য হৈ গ'ল। ‘গাড়ােৱানেও আগৰ দৰেই গাড়ী চলাবলৈ ধৰিলে। অলপ সময় মাথােন এনেকৈ গৈ আছে এনেতে সম্মুখৰ ফালৰ পৰা কিচকিচ কৰে কলা কিবা এটা আহি গাড়ীৰ আগত থিয় দিলে। গাছােৱানটো বুকু ডাঠ মানুহ ; তথাপি এই দৃশ্য দেখি কিছু খালে ; কি কৰা উচিত একো ঠিক কৰিব নােৱাৰিলে। এনেছে গাড়ীখন মূৰ্তিটোৰ ওচৰ পালে ; গৰু হাল চক খাই উঠিল। মূৰ্তিটোৱে থাপ মাৰি যুৱলিত ধৰি গাড়ীখন ৰাখিলে। তাকে দেখি চাবুল ওপৰলৈ তুলি গাছােৱানে প্রশ্ন কৰিলে,-“তােম কৌন্ হায়?” মূর্তি নিমাত। গাড়ােৱান-কাহে চুপ, বহু হায় ? কৌন তােম্। ক্যা ম্যাঙতা- কিন্তু কোনাে উত্তৰ নাই। গাড়ােৱানে চাবুকৰে সৈতে সাৰোপ কৰে একোৰ মাৰিলে। মূৰ্তিটো সাউৎ কৰে এফলীয়া হৈ কোব নােখােৱাকৈ সাৰি, আৰু গাড়ােৱানে সময় নৌ পাওঁতেই যুৱলিখন গৰ ডিঙিৰ পৰা পেলাই দিলে। গাড়ােৱান জাপ মাৰি মাটিত পৰিল; যুৱতী আৰু ৰাটে