পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৯৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দুৰ্ভগীরা কৰি লৈ আগৰ নিচিনাকৈ খেতি-বাতিত ধৰিলেই, থাৰৰ মৰিব, সম্পত্তিও ৰ’ব। 'নহলে যদি গােচৰত ডিক্রী কৰি সম্পত্তি নীলাম কৰে, তেনেহলে একো নাথাকিব। কাতি–মিছামিছিকৈ কি কেপকেপাই থাক ? কোনে ক'লে মােৰ সম্পত্তি নীলাম কৰিব বুলি ? কাৰ সাহ আছে মােৰ বস্তুত হাত দিবলৈ ? কোনে এইবােৰ মিছা কথা উলিয়াই ফুৰিছে ? তাক পােরা হ'লে জোতাৰে পিটিলোঁহেঁতেন। ললিতাই কিন্তু তেওঁৰ কপালত জুই লাগিল বুলি বুজিছিল। কিন্তু কি কৰিব। প্ৰতিকাৰৰ যে উপায় নাই ! কাতৰভাবে প্রার্থনা কৰিলে,—“ভগবান, মােৰ স্বামীর প্রতি সদয় হােৱা প্রভু, তেওঁৰ মতি ফিৰাই দিয়া, মােৰ পােনাটিৰ উপায় কৰা দয়াময়।” কথাৰ লগে লগে ললিতাৰ চকুৰ পৰা টপ টপ কৈ চকু-লাে ব’বলৈ ধৰিলে, দুখ-শােকৰ একমাত্র শান্তি-সুধাস্বৰূপ পুত্রটিক আৱেগেৰে বুকুত সাবটি ধৰিলে।