পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চিঠিৰ উত্তৰ মানুহূটো গ’লত দীনবন্ধুৱে গঙ্গাক মাতিলে,-“গঙ্গা, গাখীৰ লৈ আহ; এচকল ৰুটিও আনিবি।” গঙ্গাই গাখীৰ আৰু ৰুটি আনি দিলে, দীনবন্ধুৱে খােৱাৰ লগে লগে চিঠিখন শেষ কৰিলে। চিঠিখন চুটি, তাত এই কেইটা কথা আছিল। ওঁ সুচৰিতে, | মই আহি ঘৰ সােমােৱাৰ লগে লগে তােমাৰ চিঠিখন পালোঁ। কিন্তু মই এনে কেইটামান কামৰ লেঠাত পৰিছে। যে তাক আস্তে- সুস্থে পঢ়ি উত্তৰ দিবলৈ মােৰ সময়ৰ নিতান্ত অভাৱ। তােমাৰ চিঠি পঢ়ি মােৰ বিশ্বাস হৈছে তুমি কিবা মিছা সংবাদৰ ওপৰত নিৰ্ভৰ কৰি এই চিঠি লিখিছ। সেই বিষয়ে সৰহ কথা কবলৈ মােৰ সময় নাই। মােৰ সম্পর্কে ইয়াকে মাথােন কওঁ যে মােৰ দ্বাৰা সত্যৰ অপলাপ কৰা নাইবা অসত্যক প্রশ্রয় দিয়া কেতিয়াও নহয়। মােৰ অতি আপােন মানুহ, পিতা-মাতা নাইবা মই নিজে বিপন্ন হলেও মই সত্য গােপন কৰিব বা অসত্যৰ আশ্রয় ল’ব নােৱাৰোঁ। তুমি যদি নিজক নির্দোষ বুলি জানা, এনেকৈ ধৈৰ্য হেৰুৱাইছা কিয় ? মই স্কুলৰ কি উন্নতি কৰিবলৈ ওলাইছো, তাক কাৰ্যত দেখিবা, এতিয়া মােৰ কথাৰে বা তােমাৰ অনুমানেৰে তাক বহলাই ব্যাখ্যা কৰাৰ প্ৰয়ােজন নাই। ইতি | তােমাৰ শুভাকাঙক্ষী শ্রীদীনবন্ধু । দীনবন্ধুৱে চিঠিখন সামৰি তেতিয়াই প্ৰভাৱতীক দিবৰ নিমিত্তে গঙ্গাৰ হাতত দিলে। দীনবন্ধুৰ মুখত ব্যস্ততাৰ চিন দেখি গঙ্গাই সুধিলে,-“দেউতাই ভাত নােখােৱাকৈয়ে যাব খুজিছে নে কি?” -১৭১ -