পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কৰি প্রেম আৰু বেনামী চিঠিৰ প্ৰচাৰক বুলি শুনােতেও মােৰ তাত সম্পূর্ণ বিশ্বাস জন্মা নাছিল, কিন্তু যেতিয়া চেক্রেটাৰীয়ে আপােনাৰ চহিৰে সৈতে আর্জিখন আনি দেখুৱালে আৰু সেই আর্জিমতে কি বিচাৰ কৰিব খুজিছে, তাৰ ভিতৰুৱা খবৰ দিলে, তেতিয়া আপুনিও তেনে ষড়যন্ত্রত লিপ্ত বুলি ভাবি মােৰ হৃদয় ভাগি গ'ল। তথাপি বুজি নােৱাৰি আপােনালৈ এখন চিঠি লিখিলোঁ। আপুনি যদি তেতিয়াই সকলাে কথা ভাঙি লিখিলেহেঁতেন! কিন্তু মােৰ দুৰ্ভাগ্যৰ গুণে আপুনি সময় নাই বুলিয়েই তাৰ উত্তৰ শেষ কৰিলে; তাৰ ফলত আপুনিয়েই ষড়যন্ত্র- কাৰীদলৰ নেতা বুলি মােৰ মনত প্রত্যয় জন্মিল। এতিয়া সকলাে শুনিছে; আপুনি সত্যৰ সন্মান ৰক্ষা কৰি যেনেকৈ এদল ক্ষমতাপন্ন মানুহৰ বিপক্ষে থিয় দি মােক ৰক্ষা কৰিলে, তাক ভাবিলেও আপােনাআপুনি আপােনাৰ ওচৰত মূৰ দো খায়। • সত্যৰ জয়ৰ নিমিত্তে আপুনি যে বন্ধুক শত্ৰু কৰিবলৈ, পিশাচৰ লগত দেখা- দেখিকৈ যুদ্ধ ঘােষণা কৰিবলৈকো কুষ্ঠিত হ’লতাক শুনিলেও শৰীৰ ৰােমাঞ্চিত হয়। আপুনি যােৱাৰ পিচতত তেওঁলােকে বহুত দিন গােপনে পৰামৰ্শ কৰিছিল, কিন্তু কেইবাজনেও হেনাে আপােনাৰ কথা শুনাৰ পিচত তেওঁলােকক সমর্থন কৰিবলৈ অস্বীকাৰ কৰিলে। অগত্যা তেওঁলােকে আগেয়ে আলােচনা কৰা কথা ক’বলৈ সাহ নকৰি, আপুনি যি লিখিছিল চাহাবৰ আগত তাকে ক'লে। তেতিয়া আপােনাৰ প্ৰস্তাৱকেইটাই তাত গৃহীত হ’ল। সভা হৈ যােৱাৰ পিচ দিন সন্ধ্যা সময়ত চেক্রেটাৰী মােৰ ঘৰলৈ আহিছিল; মই নিয়মৰ কথা কৈ তেওঁক বহিবলৈ নিদিলো; তাতে তেওঁ বৰকৈ খং কৰি গুচি গ'ল। সেই দিনাৰ পৰা তেওঁ এই ফালে অহা নাই। | হায়! মই যদি সিহঁতৰ কথালৈ কাণ নিদি আপােনাৰ উপদেশ মানি চলিলােহেঁতেন, তেনেহলে কিজানি এই কলঙ্কৰ বােজা ব’ = ২৪০-