পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা দীন-মই দেখােন আপপানাৰ কথা একোকে বুজিব পৰা নাই। চাহাব—আপােনাৰ মনত থাকিব পায়, আপুনি মােক কিছুমান কিতাপ পঢ়িবলৈ উপদেশ দিছিল; সেই কিতাপ বিলাকৰ প্রত্যেকখনেই একা একোটি ৰত্ন। মই এতিয়াহে বুজিছোঁ কিয় জর্মান দার্শনিক শ্বপেনহৱাৰে “মােৰ জীৱনত শান্তি পাইছো উপনিষদত, মৰিলেও যদি কৰবাত শান্তি পাওঁ উপনিষদতেই পাম” বুলি কৈছিল। আনবােৰ কথা এৰি গীতাত এনে দুটা অমূল্য কথা পালো যে সি মােৰ আগৰ বিশ্বাসকেই ওলােটাই দিলে। সেই দুটা হৈছে চতুর্থ অধ্যায়ৰ একাদশ শ্লোক, আৰু নৱম অধ্যায়ৰ ব্ৰয়ােবিংশ শ্লোক। শ্লোক দুটা এই :- | (১) যে যথা মাং প্রপদ্যন্তে তাংস্তথৈৱ ভজাম্যহম্। মম ৱত্মানুৱৰ্ত্তন্তে মনুষ্যাঃ পার্থ সর্বশঃ ॥ (২) যেহপ্যন্যদেৱতাভক্ত যজন্তে শ্রদ্ধয়ান্বিতাঃ। তেহপি মামেৱ কৌন্তেয় যন্ত্যৱিধিপূৰ্ব্বকম্ । আপুনি নাম দিয়া কিতাপৰ বাহিৰেও মই আৰু বহুত কিতাপ পঢ়িলোঁ। তাৰ দ্বাৰা মােৰ বহুত উপকাৰ হ’ল। বাস্তুৱতে ভগৱান শ্ৰীকৃষ্ণৰ এই কথামতে যদি সকলাে ধৰ্মপ্ৰচাৰক চলিলহেঁতেন তেনেহলে জগতত কেতিয়াও ধৰ্মৰ নিমিত্তে কটাকটি মৰামৰি নহ'লহেঁতেন। এতিয়া মই স্বীকাৰ কৰো, এইবােৰ গ্ৰন্থ পঢ়াৰ আগেয়ে মই ধৰ্মৰ আধ্যাত্মিকতা ভালকৈ বুজা নাছিলোঁ। পাশ্চাত্য দেশে যে পূর্বদেশ পৰা ধৰ্মসম্বন্ধীয় বহুত শিক্ষা লাভ কৰিব লাগিব, তাত এতিয়া মােৰ সংশয় নাই। আপােনাৰ অনুগ্ৰহত মােৰ এই জ্ঞান হােৱাৰ