পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
কবি-প্ৰিয়া

 উমা — মই যি উদ্দেশ্যে সেই কথা কৈছোঁ, তুমি তালৈ মন কৰা নাই, সেইহে তেনেকৈ কৈছা। মই কৈছোঁ ইয়াকে, যে তোমাৰ অৱস্থাৰ, তোমাৰ বয়সৰ মানুহ সাধাৰণতঃ অবিবাহিত নাথাকে; এই খিনিতেই সৰ্ব্বসাধাৰণৰ লগত তোমাৰ অমিল। আকৌ তোমাৰ কৰ্ম্মক্ষেত্ৰত পুৰুষ-স্ত্ৰীৰ পাৰ্থক্য নাই, জন্ম অনুসৰি মানুহৰ উচ্চতা বা নীচতা নাই। ইয়াতো বেচি ভাগ মানুহৰ লগত তোমাৰ মতৰ অমিল। তোমাৰ এইবোৰ কাৰ্য্যই বহুতৰ স্বাৰ্থত ব্যাঘাত নজন্মোৱাকৈ নাথাকে। তেতিয়া সেই মানুহবোৰে তোমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাটো স্বতঃসিদ্ধ। বহুতে তেতিয়া তোমাক অবিবাহিত বুলিয়েই সাধাৰণ মানুহৰ বিশ্বাস জন্মা কাহিনীৰ সৃষ্টি কৰি তোমাৰ কাৰ্য্যত ব্যাঘাত জন্মাব, তাৰ ফলত তোমাৰ উদ্দেশ্য সিদ্ধি হোৱা কঠিন হৈ পৰিব। সেই কাৰণে মই কওঁ তুমি সোনকালে বিয়া কৰোৱাঁ।

 দীন — বিয়া কৰোৱা মানুহ কেতিয়াও উন্মাৰ্গগামী হব নোৱাৰে বুলি তুমি বিশ্বাস কৰানে?

 উমা — নকৰোঁ। আৰু অবিবাহিত হলেই তেনে হব বুলিও বিশ্বাস নকৰোঁ। কিন্তু তুমি যিবোৰ মানুহৰ মাজত কাম কৰিবা তাৰ সৰহ ভাগে তেনে বিশ্বাস কৰিব। সেই দেখিয়েই তুমি যেতিয়া সংসাৰী মানুহৰ মাজত থাকি কাৰ্য্য কৰিবলৈ ওলাইছা, তুমিও তেনে সংসাৰীয়েই হৈ লোৱা মই উচিত বুলি ভাবোঁ।

 দীন — তুমি দেখোন মোৰ কথা সকলো জানা। মই জানো চিৰব্ৰহ্মচাৰী থাকিমেই বুলি কেতিয়াবা কৈছোঁ? মই মাত্ৰ কৈ আহিছোঁ যে যদি মোৰ আদৰ্শৰ অনুৰূপ সঙ্গিনী নোলায়, তেনেহলে এই জীৱনত মোৰ বিবাহ নহয়। আৰু যদি কোনোবা ওলায়, তেনেহলে আনন্দ মনেৰে দাম্পত্য জীৱনৰ কৰ্ত্তব্য গ্ৰহণ কৰিম, কল্পনাৰ আদৰ্শ আচলত

— ৫ —