পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দুর্গাপূজা গরু-তাত জানাে খৰচ নলগাকৈ থাকিব। ৰাজখােৱা-বেচি আৰু কি খৰচ লাগিব। যিমান কম দামত পাৰি প্ৰতিমা এখন আনি পূজা কৰিবলৈ বামুণ এটাক দহ-পােন্ধ টকামানত ঠিকা দি দিলেই হ’ল। পূজা যেনেকৈ হওক, তাত আমাৰ লাভ-লােকচান নাই। সেইটো মাথােন আমাৰ বাই’ পুজাৰ ঢাকোন। কার্তিকবলি লাগিব নে নালাগে ? সৰ্বা-গােসানীক লাগক বা নালাগক আমাকতত লাগিব। দিনে অন্ততঃ একোটা পাঠা নহ'লে ক’ত চলিব ? তপেশ্বৰ—সেয়েই ভাল। আমাৰে ভােজ হ’ব, বলিৰৰ নাম হ'ব। গােকুল—“বাই”ৰ খৰচ ভূঞাই দিব, পূজাৰ খৰচটো তেনেহলে বৰঙনি তুলি গােটোৱা যাক। কৃষ্ণ—মই ভাবিছো বাৰীৰ ভিতৰত যিমান ভাল শস্য নাথাকক ঢাপটোহে আগেয়ে মানুহৰ চকুত পৰে। এতিয়াও বাইজীৰ খৰচ যেয়ে দিয়ক, পূজা পাঠোৰ হে নামটো হ'ব। | ৰাজখােৱা—ময়াে তাকেই ভাবিছে। আমি বৰঙনি তুলি পূজা পাতিলে ভূঞাৰ প্রতি অন্যায় কৰা হ'ব। তেওঁ এহেজাৰকৈ টকা দিব, অথচ অলপীয়া টকাতে আমাৰ নামটো হ'ব। ধৰিবলৈ গ'লে পূজানাে কেইটা টকা খৰচ পৰিব। গদাতেনেহলে পূজা ভাগাে ভূঞায়েই পাতক। ৰাজখােৱা—মই সেই বিষয়ে একো নকওঁ; সেইটো দূৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ যদি কয় বােলে এনেয়েও খৰচ কৰিম, তেনেয়েও খৰচ কৰিম, সাপ মাৰি নেগুৰত বিষ থওঁ কিয়, তেনেহলে আমি জোৰ নকৰো। হওঁতে আমাৰ নিজৰ সুবিধালৈ চালে, বৰঙনি তুলি পূজপতাহে ভাল।