সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিয়াৰ বিষয়ে

 দীন — ময়েই বা কেনেকৈ কওঁ আগলৈ কি হ’ব; ময়েই বা কি কৰিব লাগিব!

 মোমাই — মোৰ পলম হ’ল, যাব লাগিল। তই যিমান সোনকালে পাৰ এদিন মোৰ তালৈ যাবি৷ তেতিয়া এইবোৰ কথা বইলাই পাতিম। পিচে মহেশ্বৰক এতিয়া কি উত্তৰ দিম?

 দীন — মই যি কৈছোঁ তাকে ক’ব। তেওঁক মই আশা দিব নোৱাৰোঁ; ঘাইকৈ তেওঁৰ ছোৱালীৰ সম্পৰ্কে মই আৰ তাৰ পৰা দুই চাৰি কথা শুনিলেও ভালকৈ একো নাজানো। তাৰ উপৰি এবছৰৰ ভিতৰত তেনে কথা জানিবলৈ বা বিয়াৰ কথা ভাবিবলৈ সম্মত নহওঁ। তেওঁ যদি ভাল দৰা পাইছে, সকলোৰে মন-পিঠিয়ে আঁটিছে তেনে মোলৈ বাট চাব লাগিছে কিয়? আপুনিয়েই দেখোন সদায় কয় বোলে যাৰ তিলমাহ খাই আহিছে তাৰ লগত হে বিয়া হ’ব, আনৰ লগত কেনেকৈ হ’ব? তেওঁকো সেই উত্তৰকে শুনাই নিদিয়ে কিয়?

 মোমায়েক উঠি গ’লত দীনবন্ধুও তেওঁৰ লগে লগে ওলাই গ’ল আৰু কিছুমান বাট আগ বঢ়াই থ’লে৷ তেওঁ ঘূৰি আহোঁতে খাবৰ সময় হৈছিল। তেওঁ হাতমুখ ধুই খাবলৈ গ’ল; আৰু ভোজনৰ অন্তত বাহিৰত অলপ বিশ্ৰাম ল’লে।

 আধা ঘণ্টামান বিশ্ৰাম লোৱাৰ পিচত দীনবন্ধু মেজৰ ওচৰলৈ গ’ল। দিনত পঢ়া বাতৰি কাকতখন উলিয়াই কিবা পঢ়িলে; খনচেৰেক চিঠি লগত তাক মিলাই চালে। তাৰ পিচত দহ মিনিটমান একেৰাহে চিন্তা কৰি কাপ, কাকত আৰু মহী চপাই আনিলে। এখনৰ পিচত এখন কৈ দই-বাৰখন চিঠি লিখিলে৷ চিঠিবিলাকত প্ৰায় একে কথাই আছিল। সি এইঃ—

— ২০৯ —

 ১৪