মতেই কাম কৰিছে; লৰাটোৰ অৱস্থাও ক্ৰমশঃ ভাল হৈ আহিছে। এঘণ্টামান সময় লৰাটোৰ পাচে পাচে ফুৰি আগৰ দৰেই উপদেশ দি আকৌ তেওঁ পগলাৰ ওচৰলৈ আহিল। পগলা তেতিয়াও টোপনিতে। দীনবন্ধুৱে পাটী এখন পাৰি ওচৰতে শুলে।
ৰাতি-পুৱা পগলাৰ অৱস্থা বহুতো ভাল দেখা গ'ল। দীনবন্ধুৱে তেওঁক নানা উপায়েৰে ব্ৰহ্মপুত্ৰলৈ লৈ গৈ কেনেকৈ মুখ ধুব লাগে, গা ধোওঁতে কি মন্ত্ৰ মাতিব লাগে ইত্যাদি প্ৰশ্নৰ ছলেৰে গা ধুৱালে। গা ধোৱা হ’লত ৰাতিৰ কথা মতে বেদ-স্তোত্ৰ পাঠ কৰিবলৈ শিকালে। তাৰ পিচত ঘৰলৈ লৈ আহি অলপ আহাৰ কৰালে, আৰু স্তোত্ৰটো ভালকৈ শিকিবলৈ কৈ প্ৰায় ডেৰ পৰমান সময়ত ঘৰলৈ উলটিল। আহিবৰ সময়ত তাত থকা মানুহবিলাকক সাৱধানে থাকিবলৈ কৈ আহিল, আৰু বলিয়ালি কৰিলে কি কৰিব তাৰো কিবাকিবি বুদ্ধি শিকাই আহিল।
দীনবন্ধুৱে ঘৰলৈ আহি সোনকালে স্নানাহাৰ সমাপ্ত কৰিলে। যদিও সাধাৰণতে তেওঁ দিনত নোশোৱে তথাপি সেই দিনা তেওঁ এখন্তেকৰ নিমিত্তে পাটীত পৰিল। আজি কেইবাদিনো তেওঁ খেতি পথাৰৰ পিনে ভুমুকিকে মাৰিব পৰা নাই। সেইদেখি এঘণ্টামান বিশ্ৰাম লোৱাৰ পাচত তেওঁ পাটীৰ পৰা উঠিল, আৰু চাহ-পানী এটোপা খাই পথাৰৰ ফাললৈ খোজ ল'লে।
দীনবন্ধু বাহিৰ ওলাওঁতেই প্ৰভাৱতীৰ ৰান্ধনি ঘৰৰ খিৰিকীত তেওঁৰ চকু পৰিল। তেওঁ ঘৰৰ ভিতৰত এটা আগে-পিচে নেদেখা মানুহক দেখা পালে আৰু তেওঁক প্ৰভাৰ কোনোবা সম্বন্ধীয় মানুহ বুলি অনুমান কৰি নিশ্চিন্ত মনেৰে গন্তব্য স্থানলৈ গতি কৰিলে।
খেতি-বাতি চাই হালোৱাক উপদেশ দি ঘূৰি আহোঁতে দীনবন্ধুৰ
ৰাতি হ'ল। আহোঁতে বাটত তেওঁক বহুতে সুধিলে,—“হয়নে বোলে
- ১৮২ -