পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টম অধ্যায়

বিবাহ প্ৰাৰ্থী।


 যদিও চেক্ৰেটাৰী-আদিৰ মুখে প্ৰভাই সকলে অসৎ চেষ্টাৰ মূলত দীনবন্ধু বুলি শুনিছিল, তথাপি তেওঁ তাক সম্পূৰ্ণ বিশ্বাস কৰা নাছিল। কিন্তু উকীললৈ দিয়া আৰ্জিখনত তেওঁৰ চহী দেখিবৰে পৰা দীনবন্ধু কিবা এটা ষড়যন্ত্ৰত লিপ্ত আছে বুলি তেওঁৰ সন্দেহ হ’ল, আৰু সেই সন্দেহ ক্ৰমে পূৰ্ণ বিশ্বাসত পৰিণত হ'ল। তথাপি কিজানি তাত কিবা সজ উদ্দেশ্য আছে এই বুলি মাজে মাজে বিৰুদ্ধ ভাবনায়ো তেওঁৰ মনত ঠাই পাইছিল। সেই দেখিয়েই তেওঁ দীনবন্ধুলৈ সেই চিঠিখন লিখিছিল। তেওঁ ভাবিছিল—যদি দীনবন্ধুৰ উদ্দেশ্য সঁচাকৈয়ে অসৎ নহয়, তেন্তে তেওঁ তেওঁৰ উদ্দেশ্য জানিবলৈ দিব, আৰু যদি সেই সম্পৰ্কে কোনো উত্তৰ নিদিয়ে, তেন্তে বুজিব লাগিব—চেক্ৰেটাৰীৰ কথা মিছা নহয়,—দীনবন্ধুও তেওঁৰ দলৰ আন মানুহতকৈ উচ্চমনা নহয়। এতিয়া দীনবন্ধুৰ চিঠি পাই তেওঁৰ মন আৰু উত্ৰাৱল হ’ল। তেনেহলে দীনবন্ধুৱেই এই সকলো ষড়যন্ত্ৰৰ মূল। নহলে তেওঁ তাৰ বিষয়ে একেষাৰ কথাও নকৈ সময় নাই বুলি গা সৰুৱাব খুজিছে কিয়? তেওঁ যে এইবোৰ ষড়যন্ত্ৰ প্ৰচাৰত লিপ্ত তেওঁৰ এই বিষয়ে মৌনৱলম্বনেই তাৰ প্ৰমাণ নহয়নে? প্ৰভাৰ মনত এইবোৰ চিন্তা হোৱাৰ লগে লগে দীনবন্ধুৰ প্ৰতি তেওঁৰ ৰোষ আৰু অভিমান সম্পূৰ্ণ হৈ উঠিল। দীনবন্ধুৰ চিঠিৰ অৰ্থ তেওঁ এই দৰে বুজিলে যে তেওঁৰ বিৰুদ্ধে ওলোৱা কথাবোৰ দীনবন্ধুৱে সত্য

বুলি জানিছে, আৰু সেই সত্য গোপন কৰিব নোখোজে দেখি এই

-১৭৩ -