পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা মই এমাহমান ইয়াতে থাকি যি হয় এটা মীমাংসা কৰি ফ্লম বুলি আহিছে। প্রভা—কিন্তু এই বিষয়ে যে মই কোনাে এটা খাটাং কথা সােনকালে দিব পাৰিম, তেনে আশা নাই। আন নালাগে, এই কথা ভাবিবলৈকো মই যথেষ্ট সময় পােৱা নাই। বমণী-মইনাে কৈছো কি? আমি এতিয়া দুয়াে দুইৰৰ বিষয়ে অনভিজ্ঞ ; সেই দেখি চিঠি পত্ৰেৰে মতামত জনােৱা নির্থক। বিলাত আদি ঠাইত সেই কাৰণে বৰ-কন্যা বহুদিন লগ বান্ধি দুয়ে দুয়ােৰে কার্যকলাপ চায়, দুয়াে দুয়ােকো বুজি লয়। তাৰ পিচত যদি সকলাে বিষয়তে দুয়ােৰে মত মিলে তেতিয়াহে বিবাহ হয়। এনে বিবাহত বৰ-কন্যা সুখী নহৈ নােৱাৰে। কিন্তু চিঠি-পত্ৰৰে নাইবা ঘৰপতা মানুহৰ কথাৰে বিয়াৰ বন্দৱস্ত কৰিলে শেহত অমিল ওলাই পৰে, আৰু তেনে মানুহৰ ঘৰ গুচি ব্যাহত হয়। সেই দেখি দৰা কন্যাৰ বাছনি তে বিয়া হােৱাই সভ্য সমাজৰ নিয়ম। প্রভা-সেইটো হ’ব পাৰে, কিন্তু নিজৰ আত্মীয় মানুহৰ দ্বাৰাও তেনে নির্বাচন হােৱা অসম্ভৱ নহয়। ৰমণী–সম্পূর্ণ অসম্ভৱ। আত্মীয় মানুহে বিশেষ ভাবে চেষ্টা কৰিলে শিক্ষা-দীক্ষা আৰু সাধাৰণ ভাবে স্বভাৱ চৰিত্ৰ বুজিব পাৰে ; তাতকৈ বেচি একো কৰিব নােৱাৰে। | প্রভা—নিজে নিজেই বা তাতকৈ বেচি কি জানিব? ৰমণী—বহুত জানিব। যিবােৰ আনে জানিবৰ উপায় নাই সেইবােৰ জানিব। দুয়াে জনৰ খােৱা-মেলাৰ, আমােদ-প্রমােদৰ, ইচ্ছা-অভিলাষৰ মিল অমিল বুজিব পাৰিব। এইবােৰ আনে বুজিবৰ উপায় নাই। সেই কাৰণে মই ইয়াত দুই এমাহ থাকিম বুলি