পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সাধনা


এতিয়াৰ দৰেই আৱশ্যক হলেই আপোনা সাহায্য পাই থাকোঁ, তেনেহলেই মোৰ জীৱনৰ সকলো অভিলাষ, সকলো সাধনা সিদ্ধি হ’ব। ইয়াতকৈ বেচি একো মই কল্পনাও কৰিব নোৱাৰোঁ। আপোনাৰ প্ৰতি মোৰ শ্ৰদ্ধা ভক্তি অক্ষুন্ন ৰাখি আপোনাৰ স্নেহ, অনুগ্ৰহ আৰু বিশ্বাসৰ পাত্ৰী হৈ থাকিব পাৰিলেই মোৰ জীৱন সাৰ্থক মানিম।

 শেহত মোৰ নমস্কাৰ গ্ৰহণ কৰিব। কিবা দোষৰ কথা পালে ক্ষমা কৰিব।

সেৱিকা
প্ৰভাৱতী

 প্ৰভাৱতীৰ চিঠি পঢ়ি দীনবন্ধুৱে আনন্দ পালে। তেওঁ প্ৰভাৱতীলৈ লিখিলে,

আয়ুষ্মতি,
 যদিও তুমি মোৰ সাঁথৰ বুজা নাই বুলিছা মই হলে বুজিছা বুলিয়েই অনুমান কৰিছোঁ। তুমি যি কৈছা, তাক মোৰ সাঁথৰৰ উত্তৰ যেনেই পাইছোঁ। তথাপি যদি মোৰ মুখৰ পৰা শুনিবৰ ইচ্ছা কৰিছা, তেন্তে শুনা।—

 মোৰ ভালপোৱাৰ পাত্ৰীক কেতিয়াবা দেখিবলৈ পাম বুলিও আশা কৰা নাছিলোঁ। বহুত দিন আগেয়ে মই কল্পনাত এখনি প্ৰতিমা সাজিছিলোঁ, তাত মোৰ আদৰ্শৰ অনুৰূপ ৰূপ-গুণ আৰোপ কৰি সজাই লৈছিলোঁ। মনে মনে প্ৰতিজ্ঞা কৰিছিলোঁ,যদি কেতিয়াবা কোনো সজীৱ প্ৰতিমা মোৰ মানস প্ৰতিমাৰ লগত মিলি যায়, তেন্তে তেওঁকেই মোৰ অৰ্ধাঙ্গিনী কৰিম; নহলে সেই ছবিকে লৈ জীৱন কটাম। মোৰ কল্পনা অসংযত—অসম্ভৱ বুলি বহুতে ধাৰণা কৰিছিল; ময়ো সেই

কল্পনা সত্যত পৰিণত কৰাৰ আশা এৰি দি কল্পনাৰ চিত্ৰ লৈয়েই জীৱন

—৩১৪—