সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিবাহ প্ৰাৰ্থী

আন্দোলন হাতত লৈছে। কিন্তু যদি এই কথা সঁচা তেন্তে তাৰ বিচাৰ দেখা-দেখিকৈ নকৰি এনে নীচ উপায় অৱলম্বন কৰিছে কিয়? প্ৰভাই নিজে নিজে ক'লে,-উঃ! দীনবন্ধুৰৰ এনে নীচতা আছে বুলি যে কল্পনাকে কৰিব নোৱাৰিছিলোঁ! প্ৰভো, জগদীশ্বৰ, মোক কৰ্ত্তব্য স্থিৰ কৰিবলৈ শক্তি দিয়াঁ।”

 সেই ৰাতি প্ৰভাৱতীৰ টোপনি নাহিল, আগগুৰি নোহোৱা চিন্তাত তেওঁৰ মূৰ ঘূৰিবলৈ ধৰিলে। একোবাৰ কৈ উঠিল,—“মই অবলা ৰমণী, মোক শক্তি দিয়, জগদীশ্বৰ। আকৌ একোবাৰ ক'লে,—দীনবন্ধু, তুমিয়েইনে সেই পৰৰ নিমিত্তে প্ৰাণ দিওঁতা প্ৰভাৱতীৰ আদৰ্শ দেৱতা দীনবন্ধু? উঃ! তুমিও আজি পিশাচৰ লগত পৰি পিশাচ হ’লা! ”  এইদৰেই সেই ৰাতি অতিবাহিত হ'ল।

 ৰাতিপুৱা শুই উঠাৰ পিচত প্ৰভাৱতীয়ে এখন টেলিগ্ৰাম পালে; জানিব পাৰিলে- ৰমণীমোহন দত্ত কলিকতাৰ পৰা আহিছে; সেই দিনাই প্ৰভাৱতীৰ ঘৰ পাবহি।

  টেলিগ্ৰাম পাই প্ৰভাৱতীৰ আৰু চিন্তা হ’ল। তেওঁৰ যে সঁচাকৈয়ে এই মানুহটোক স্বামীৰূপে বৰণ কৰিবলৈ ইচ্ছা নাই। অথচ ঘটনাচক্ৰ যেনে হৈ উঠিছে অকলশৰীয়াকৈ তেওঁ তাৰ লগত কিমান যুঁজিব! তেওঁৰ যে কলঙ্ক-কাহিনী অন্ত পৰাৰ আৰু সম্ভাৱনা নাই! তেনেহলে বিয়াখন পাতি এটা দিহা লগোৱাই উচিত হব নেকি! বাৰু, বিয়া যেনিবা হ’লেই, তেওঁতে জীৱনত শান্তি নাপাব। তেওঁ যে ৰমণীমোহনক ভাল পাব নোৱাৰে! দীনবন্ধুৱেও যেতিয়া ষড়যন্ত্ৰত যোগ দিলে, তেওঁ এনেভাবে থাকিব পৰাৰেই বা আশা ক’ত। তেওঁ কাতৰ কণ্ঠেৰে ক'লে,—দীনবন্ধু, এই অভাগিনীক চিৰদুখিনী কৰাই তোমাৰ ইচ্ছানে?”

 প্ৰভাৱতীয়ে আপোন মনতে বহুতো কিবাকিবি সাজিলে, বহুতো

-১৭৪ -